পৰিবেশ ৰক্ষক এবিধ পক্ষী হৈছে শগুন ৷ পৃথিৱীৰ বিভিন্ন স্থানত জীৱ জন্তুৰ মৃতদেহ ভক্ষণ কৰি পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাত অন্যতম ভূমিকা পালন কৰি আহিছে শগুনে ৷ কিন্তু ইয়াৰ বিপৰীতে একাংশ মানুহে পগলা কুকুৰ আদিক বধ কৰিবলৈ ব্যৱহাৰ কৰে কীটনাশক ৷ যাৰ ফলত জীৱ জন্তুৰ মৃতদেহ ভক্ষণ কৰি প্ৰকৃতি ৰক্ষক শগুন অসুস্থ হোৱাৰ লগতে শ শ শগুনৰ মৃত্যু হৈছে ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ চেঙেলীত সন্দেহ কৰা মতে পগলা কুকুৰক বধ কৰিবলৈ ব্যৱহাৰ কৰা কীটনাশকৰ ফলত অসুস্থ হোৱা তিনিটাকৈ শগুনক বন বিভাগে উদ্ধাৰ কৰি তিনিচুকীয়াৰ গুইজান স্থিত বন্যপ্ৰাণী সুৰক্ষা কেন্দ্ৰত চিকিৎসা কৰাৰ পিছত সুস্থ অৱস্থাত পুনৰ উদ্ধাৰ কৰা স্থানত মুকলি কৰি দিয়ে ৷ জানিব পৰা মতে কীটনাশক ব্যৱহাৰ কৰা মৃত কুকুৰ ভক্ষণ কৰাৰ ফলত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰিছিল শগুন কেইটা ৷ মুকলি কৰাৰ সময়ত বিদ্যালয়ৰ পৰা উভতি অহা এজাক কণ কণ ছাত্ৰছাত্ৰীৰ লগতে গাঁৱবাসীক শগুনৰ লগতে অন্য জীৱ জন্তু সংৰক্ষণৰ ওপৰত বনবিভাগৰ লোকে বক্তব্য দিয়ে ৷
তিনিচুকীয়াৰ পৰা ৰন্টু বৰশইকীয়া ৰিপ’ৰ্ট