কাকপথাৰত পথ দূৰ্ঘটনা 

0
956
তিনিচুকীয়া জিলাৰ কাকপথাৰ অাৰক্ষী থানাৰ অন্তৰ্গত ১ নং উপৰ ওৱন গাঁৱত এখন দ্ৰুতবেগী মালবাহী বলে’ৰ পিক অাপ গাড়ীয়ে ৰবুল বৰুৱা নামৰ ৭ বছৰীয়া এটি কিশোৰক মহতিয়াই নিয়াত গুৰুত্বৰভাৱে অাঘাটপ্ৰাপ্ত হয়। অাজি পুৱা প্ৰায় ৮-৩০ মান বজাত অসম অৰুণাচল সংযোগী ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনাটো সংঘটিত কৰি গাড়ীখনে পলায়ন কৰে। ইফালে গুৰুত্বৰভাৱে অাঘাটপ্ৰাপ্ত কিশোৰটিক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰিলেও চিকিৎসকে স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক দেখি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ  প্ৰেৰণ কৰে। উল্লেখ্য যে ৰূপাইৰ পৰা কাকপথাৰ হৈ অৰুণাচললৈ যোৱা ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাত গাড়ী চালকসকলৰ মই মতালিৰ বাবে প্ৰায়ে সৰু বৰ দূৰ্ঘটনা সংঘটিত কৰি অাহিছে ৷ কিন্তু স্থানীয় অাৰক্ষী অথবা যান বাহন নিয়ন্ত্ৰণ শাখাই এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই।
দ্বীপেন লহকৰ কাকপথাৰ ,NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here