কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

0
285

 

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

বিষ্ণু ৰাভা, বিষ্ণু ৰাভা।
উজলালা তোমাৰ আভাৰে
অসমৰ সংস্কৃতিৰ শোভা!

১৯০৯ চনৰ ৩১ জানুৱাৰীত, ঢাকাত
উজলালা তুমি ঘৰ গোপাল চন্দ্ৰ ৰাভাৰ।
যাযাবৰ তুমি, অসম দেশেই তোমাৰ ঘৰ।
মানুহেই আপোন, তোমাৰ মানুহেই শত্ৰু ঘোৰ।

তাণ্ডৱ নৃত্যৰ তালে তালে নাচি
বিশ্বক চমকিত কৰিলা,
ক’লাগুৰু নাম লৈ অসমীক সকলো দিলা।
জাতিসত্বাৰ সেতু গঢ়ি,
টিলাই টিলাই উলাহতে ঘূৰি
জীৱন নাটৰ কল্যাণ খৰমান
তেজপুৰত গালা।

বিপ্লৱৰ বীজ সিঁচিও,
সাম্যবাদৰ ঢল বোৱাঁলা,
জ্যোতিক মোহিত কৰি
অসমীয়াৰ বুকুত চিৰাজৰ ছবিৰে
সম্প্ৰীতিৰ সেতু গঢ়িলা।
যাতনা অনেক ভূঞ্জিয়ো কাৰাগাৰত,
মানুহৰ মুকুতিৰ বাবে জীৱন পাত কৰিলা।

২০ জুনৰ সেই বানৰ দেশত ১৯৬৯ চন,
নীল আকাশৰ পুৱঁতি তৰা
ঢিমিকি ঢিমিকি জ্বলি
কল্যাণ ৰাগৰ খৰমান তালত
নিশাতে হেৰাই গ’ল!

প্ৰণামো তোমাক প্ৰণামো তোমাক
হে ক’লাগুৰু বিষ্ণু ৰাভা!

বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন সম্পৰ্কে আলোচনা কৰা সিমান সহজ নহয়, যদিয়ো বিভিন্নজনে বিভিন্ন সময়ত তেওঁৰ বিষয়ে তেওঁক মূল্যাংকন কৰিবলৈ প্ৰয়াস কৰি আহিছে।
যি সময়ত বৃটিছ চৰকাৰৰ অধীনত সামাজিক প্ৰতিষ্ঠাৰ বাবে মানুহে হামৰাও কাঢ়ি মৰিছিল, সেই সময়তে চৰকাৰে যাচি দিয়া উচ্চ পদবী প্ৰত্যাখ্যান কৰি বিপ্লৱৰ পথ বাচি লোৱা বিষ্ণু ককাইদেউক কোনো বুজি পালে? দৰিদ্ৰ আধিয়াৰসকলক লৈ স্বাধীন ভাৰতৰ কেঁচা মাটিত বিপ্লৱৰ বীজ ৰোপণ কৰা বিষ্ণু ৰাভাক মূল্যায়ন কৰাৰ সাহস কোনে কৰিব পাৰে?
মহাত্মা গান্ধীৰ প্ৰৱল সংগ্ৰামেৰে হস্তগত কৰা ভাৰতৰ স্বাধীনতাৰ বৃহৎ সাফল্যক ” ঝুঠা ” বুলি ক’ব পৰা সাহস একমাত্ৰ বিষ্ণুপ্ৰসাদ ৰাভাৰহে আছিল। নিজৰ সৰ্বস্ব জনতাৰ হাতত তুলি দি নিজে দালদৰিদ্ৰ জীৱন আদৰি ল’বলৈ এখন বিস্তৃত অন্তৰ অধিকাৰী হোৱাটো কেৱল বিষ্ণু ৰাভাৰ বাবেই সম্ভৱ । ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে বিশাল প্ৰতিভাক স্তম্ভিত কৰিব পৰা মানুহজন যে অখ্যাত অসমৰ এজন সাধাৰণ মানুহ, সেয়া ভাবিলেও শিহৰণ জাগে। সেইজন ” কলাগুৰু ” বিষ্ণু ৰাভাৰ জীৱনক বুজা, বিশ্লেষণ কৰা কিমান কঠিন তাক সাধাৰণ মানুহেও বুজি পায় ।
কিন্তু তেওঁৰ হৃদয় এখন মহাকাব্য, প্ৰেমৰ বুৰঞ্জী। সেই বুৰঞ্জীৰ পাতে পাতে গ্ৰথিত হৈ আছে প্ৰেমৰ অসংখ্য কাহিনী। তেওঁৰ প্ৰেমত পৰিছিল অসংখ্য নাৰী। তেওঁৰ প্ৰেমত আছিল – দেশ মাতৃকা, দেশৰ দালদৰিদ্ৰ জনতা। তেওঁৰ কণ্ঠ প্ৰেমেৰে তৃষিত। তাৰ পৰা নিজৰি ওলাইছিল কত গীত। তেওঁ উন্মাদ হৈছিল নটৰাজৰ নৃত্যৰ তালে তালে। সৃষ্টি কঠিন সংগ্ৰামৰ মাজতো চৰ্চা কৰিছিল সাহিত্যৰ । অসমৰ হাবি-বন, পাহাৰ-কণ্ডৰ একাকাৰ কৰিছিল – বিপ্লৱৰ মন্ত্ৰ বিলাবলৈ।
সেই মহান ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথিত আমি Ne india news – ৰ তৰফৰ পৰা তেওঁক সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।

আৰ কে বেজবৰুৱা

LEAVE A REPLY

Please enter your comment!
Please enter your name here