কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ ক্ৰমে সুস্থ অৱস্থালৈ আহিছে
দৰ্শকৰ মুখত হাঁহি বিৰিঙাই অহা প্ৰসিদ্ধ কমেডিয়ান অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্য অৱস্থা ক্ৰমে উন্নত হবলৈ লৈছে । আজি ভেন্টিলেটৰ আতৰ কৰা হব ৰাজু শ্ৰীবাস্তৱৰ ।

ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্য শেহতীয়া স্থিতি স্পষ্ট কৰিছে অভিনেতা গৰাকীৰ বন্ধু কমেডিয়ান সুনীল পালে । পালে কয় , ৰাজুৰ প্ৰতিক্ৰিয়া যোগাত্মক । ৰাজুৰ শৰীৰৰ বিভিন্ন অংগই প্ৰতিক্ৰিয়া দেখুৱাইছে । ৰাজুৰ শাৰীৰিক অৱস্থা এনেদৰে উন্নীত হৈ থাকিলে আজিয়েই ভেন্টিলেটাৰ আতৰ কৰা হব । লগতে অভিনেতা সুনিল পালে কয় যে , আমি যোগাত্মক চিন্তা কৰিব লাগিব । সকলোৱে প্ৰাৰ্থনা কৰক ৰাজু পুনৰ সুস্থ হৈ উঠক ।
Entertainment Desk, Ne India News