কমনৱেল্থ গেম্ছ ২০২২-ত ভাৰতৰ আকৰ্ষণীয় প্ৰদৰ্শন
বাৰ্মিংহাম কমনৱেল্থ গেম্ছ ২০২২ বৰ্ষৰ অষ্টম দিনটোত ভাৰতে মুঠ ৬ টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰে আটাইকেইটা পদক মল্লযুঁজৰ বিভিন্ন শাখাৰ প্ৰতিযোগিতাসমূহত লাভ কৰিছে। ভাৰতীয় মল্লযোদ্ধাসকলে প্ৰতিযোগিতাৰ অষ্টম দিনটোত অৰ্জন কৰা ৬টা পদকৰ ভিতৰত তিনিটা সোণৰ পদক, এটা ৰূপৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক। বজৰংগ পুনিয়া, দীপক পুনিয়া আৰু সাক্ষী মালিকে তিনিটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ভাৰতীয় মহিলা মল্লযোদ্ধা অংশু মালিকে লাভ কৰে ৰূপৰ পদক। আৰু দিব্যা কাকৰান আৰু মোহিত গ্ৰেৱালে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হ’য়। ভাৰতৰ মল্লযোদ্ধা কেইগৰাকীয়ে সমগ্ৰ বিশ্বৰ আগত আকৰ্ষণীয় প্ৰদৰ্শনেৰে ভাৰতবাসীক গৌৰৱান্বিত কৰিছে।
News Desk, Ne India News