Home Assamese ক’ভিডৰ ফলত অনাথ হোৱা ৮ টি শিশুক সাহায্য প্ৰদান

ক’ভিডৰ ফলত অনাথ হোৱা ৮ টি শিশুক সাহায্য প্ৰদান

67

ক’ভিডৰ ফলত অনাথ হোৱা ৮ টি শিশুক সাহায্য প্ৰদান

দেওবাৰে ক’ভিড-১৯ৰ ফলত পিতৃ-মাতৃক হেৰুওৱা ৮টি অনাথ শিশুক দ্বিতীয় পৰ্যায়ৰ মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনিৰ অধীনত আৰ্থিক সাহায্য লাভ কৰা অনাথ শিশু ৮টি হ’ল- মনজিৎ বড়ো, তছলিমা খাতুন, ৰাজু চৌহান, আন্নাছ আলী, অৰ্জুন পেগু, শিৱ পেগু, শিৱাণী পেগু, প্ৰিয়ংকা কলিতা। অনুষ্ঠানত কামৰূপ জিলাৰ বকোৰ সাতেকোণা গাঁৱৰ ভয়ানক হত্যাকাণ্ডত অনাথ হোৱা শিশু সন্তান টি আৰ মাৰাক আৰু যোৰেকা আৰ মাৰাকলৈও আৰ্থিক সাহায্য আগবঢ়োৱা হ’য়।

প্ৰদান কৰা সাহায্যৰ অধীনত শিশুসকলক মাহিলি ৩৫০০ টকাৰ ওপৰত ভিত্তি কৰি ৭,৬৭,০০০ টকাৰ ফিক্সড ডিপ’জিট খুলি দিয়া হৈছে। ২৪ বছৰ বয়স নোহোৱালৈকে এম আই এছ চলি থাকিব, তেতিয়া মূল ধনৰাশি তেওঁলোকৰ সঞ্চয় একাউণ্টত জমা কৰা হ’ব। উক্ত অনুষ্ঠানত মুখ্যমন্ত্রী গৰাকীৰ সৈতে উপস্থিত থাকে
মন্ত্ৰী বিমল বড়া, সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, মুখ্য সচিব জিষ্ণু বৰুৱা।

News Desk, Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here