কণ্ঠ শিল্পী অমৰজিৎ কাশ্যপৰ কণ্ঠত আধুনিক ভিডিও সংগীত ‘ Nagin’
চিণময় গগৈ সংগীত ব্যৱস্থাপনাৰে নিৰ্মাণ হোৱা গীতটি বুধবাৰে সন্ধ্যা অমৰজিৎ মিউজিক ৱৰ্ল্ড নামৰ YouTube চেনেলত শ্ৰুতা বাবে মুকলি কৰা হয়।

ৰাজ্যত মূল্যবৃদ্ধি আদিয়ে সাধাৰণ ৰাইজ অতিষ্ঠ হৈ থকা মাজতে কিছু আমোদ দিবলৈ লগতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ‘Nagin’ নামৰ বাগানিয়া গানৰ আধাৰৰ,চিন্ময় গগৈয়ে কৰিঅ’গ্ৰাফী কৰা হাস্যমুধৰ ভিডিও সংগীটিত অভিনয় কৰিছে মাকুমৰ উদীয়মান অভিনেতা শিৱা দাস,অসমৰ যুৱক সকলৰ প্রিয় অভিনেত্ৰী গিটিমণী বৰগোহাঁই ।
উক্ত ভিডিও সংগীটি শুভমুক্তি লাভ কৰা লগে লগে উদ্দিমান অভিনেতা শিৱা দাসে তেওঁৰ অনুৰাগী সৈতে কেক কাটি আনন্দ উপভোগ কৰাৰ লগতে সকলোকে গীতটি আঁকোৱালি লবলৈ সংবাদ মাধ্যমৰ আগত অনুৰোধ জনায়।
ৰন্টু বৰশইকীয়া,তিনিচুকীয়া , Ne India News