কংগ্ৰেছ দল ত্যাগ কৰে বহু সংখ্যক কংগ্ৰেছ নেতাই
১২৪নং বিধান সভা সমষ্টিত কংগ্ৰেছ দলত মোক্ষম আঘাত। মাৰ্ঘেৰিটা ব্লংক কংগ্ৰেছ কমিটিৰ সভাপতি অচিন্ত দাস তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰবীৰ ৰাজখোৱা, মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিলাভ জ্যোতি কোঁৱৰ, মাৰ্ঘেৰিটা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী বন্তি কোঁৱৰ, সাধাৰণ সম্পাদিকা দিপালী বৰা কে ধৰি বহু সংখ্যক কংগ্ৰেছ নেতাই দল ত্যাগ কৰা কথা ঘোষণা। হোটেল ৰয়েল ট্ৰিটত অনুষ্ঠিত এখনি সংবাদমেলত এই কথা ঘোষণা।
এই সকল নেতাই মুখ ফুটাই নক’লেও আভ্যন্তৰীণ সংঘাটৰ বাবেই দলত্যাগ কৰাৰ কথা চৰ্চিত হৈছে । নগাৱঁৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে নিজ খেয়ালখুচিমতে নগাৱঁৰ পৰা ৰিমৰ্ট চলাই একনায়কত্ববাদী মনোভাৱেৰে মাৰ্ঘেৰিটা কংগ্ৰেছক নিয়ন্ত্ৰণ কৰি অহাটোৱেই এই পদত্যাগৰ কাৰণ বুলি অভিযোগ উঠিছে ।
মাৰ্ঘেৰিটা, বাবা নেওগ,Ne India