Friday, March 24, 2023
HomeAssameseকংগ্ৰেছ দলৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত বকোত নৱ সংকল্প শিবিৰ সম্পন্ন

কংগ্ৰেছ দলৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত বকোত নৱ সংকল্প শিবিৰ সম্পন্ন

সৰ্ব ভাৰতীয় কংগ্ৰেছ দলৰ অসম প্ৰদেশৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আজি বকোত আয়োজন কৰা হয় দলটোৰ নৱ সংকল্প শিবিৰ নামৰ এক বিশাল কাৰ্য্যসূচী। বকোস্থিত বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্য্যসুচীৰ নৱ সংকল্প শিবিৰ আনুষ্ঠানিক ভাৱে আয়োজন কৰা হয়। নৱ সংকল্প শিবিৰ কাৰ্য্যসুচীৰ জৰিয়তে কংগ্ৰেছ দলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে দলৰ ভাৱমুৰ্তি তৃণমূল পৰ্য্যায়ত শক্তিশালী কৰিবলৈ এই নৱ সংকল্প শিবিৰ আৰম্ভ কৰা হৈছে বুলি জানিব দিয়ে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে।‌ উপস্থিত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দীন আহমেদ। অনুস্থানত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভুপেন বৰা ; সাংসদ গৌৰৱ গগৈ ; চৰকাৰৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ; কংগ্ৰেছ দলৰ কেৱাগৰাকীও বিধায়ক আৰু দলৰ অসম প্ৰদেশ কমিটীৰ বিষয় ববীয়া সকল। অনুস্থানত দলৰ স্থিতি মজমুত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু তৃণমূল কৰ্মীৰ সমস্যা সমাধানৰ ওপৰত আলোকপাত কৰে।

মহিদুল ইছলাম, বকো, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments