ৰাহুল গান্ধীৰ সংবাদমেল ! শলঠেকত অৰুণ জেটলি

0
994

 

NATIONAL DESK NE INDIA:  দিল্লীত অনুষ্টিত সংবাদ মেলত বিত্তমন্ত্ৰী  অৰুণ জেটলিৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ গুৰুতৰ অভিযোগ । কেবাশ কোটি টকাৰ ধাৰ লৈ বৃটেইনলৈ পলায় যোৱা বিজয় মালিয়াৰে ,বিত্তমন্ত্ৰীৰ অৰুণ জেটলিৰ গোপন বুজাবুজি আছিল বুলি দাবী কৰি ৰাহুল গান্ধীয়ে কয় , দেশৰ জনতাৰ আশা আকাংক্ষাক কুঠাৰঘাত কৰিছে জেটলীয়ে । 
সংবাদ মেলত উপস্থিত থকা কংগ্ৰেছৰ জেষ্ঠ্য নেতা পি এল পুনিয়াই বিজয় মালিয়া আৰু অৰুণ জেটলীৰ সাক্ষাৎ সন্ধৰ্ভত, সাক্ষাৎৰ দিনটোৰ সম্পুৰ্ণ ঘটনাক্ৰম ডাঙি ধৰে ।

উল্লেখযোগ্য যে , অৰুণ জেটলিয়ে স্বিকাৰ কৰিছিল যে , সংসদ ভৱনৰ কৰিডৰত তেওঁ‌ বিজয় মালিয়াক লগ পাইছিল , মালিয়াই বুজাবুজিৰ প্ৰস্থাৱ দিছিল যদিও , তেওঁ‌ একেষাৰে সেই প্ৰস্থাৱ নাকচ কৰিছিল । কিন্ত বৃহস্পতিবাৰে অনুষ্টিত কংগ্ৰেছ দলৰ সংবাদ মেলত পুনিয়াই দাবী কৰে যে , বিত্তমন্ত্ৰীৰে বিজয় মালিয়াৰ সাক্ষাৎ কিছু মিনিটৰ নাছিল । ২০১৬ চনৰ ১ মাৰ্চৰ বাজেট অধিবেশনৰ পিচৰ দিনা , চেন্ট্ৰলৰ হ’লৰ এটা চুকত বহু সময়ত ঠিয় হৈয়ে বাৰ্তালাপ কৰিছিল বিত্তমন্ত্ৰী জেটলি আৰু বিজয় মালিয়াই । তাৰ কিছুসময় পিচত সংসদ ভৱনৰ চেন্ট্ৰেলৰ হলৰ বাহিৰত বহি বহু সময় আলোচনা কৰিছিল অৰুণ জেটলী আৰু বিজয় মালিয়াই ।
তাৎপৰ্যপুৰ্ণ কথাটো হল , কংগ্ৰেছ দলে দাবী কৰা অনুযায়ী মালিয়া- জেটলীৰ সাক্ষাৎ হৈছিল ১ মাৰ্চত । তাৰ পিচদিনা অৰ্থাৎ ২ মাৰ্চত বিজয় মালিয়াই দেশৰ পৰা পলায় গৈছিল । যি খবৰ ৩ মাৰ্চত বৰ বৰ হৰফেৰে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ।
কংগ্ৰেছৰ প্ৰশ্ন , এই সাক্ষাৎৰ কথা অৰুণ জেটলিয়ে কিয় লুকাই ৰাখিছিল । যদি কোনো বুজাবুজিৰ বাবে বিজয় মালিয়াই প্ৰস্থাৱ দিছিলেই , তেন্তে বিত্তমন্ত্ৰীয়ে সেই তথ্য CBI বা  ED ক কিয় দিয়া নাছিল ?
কংগ্ৰেছ নেতা পি এল পুনিয়াই কয় , ১৬ চনৰ ১ মাৰ্চৰ সংসদ ভৱনৰ CCTV ফুটেজ মুকলি কৰক । যদি তেওঁ‌ মিছা বুলি প্ৰতিপন্ন হয় , তেন্তে ৰাজনৈতিক জীৱন ত্যাগ কৰিবলৈ প্ৰস্তুত বুলি সংবাদ মেলত প্ৰকাশ কৰিলে । 
বিজয় মালিয়াক দেশৰ বাহিৰলৈ পলাই যোৱাত সহায় কৰিবলৈ বিত্তমন্ত্ৰীলৈ ওপৰৰ পৰা নিৰ্দেশ আহিছিল নেকি বুলি প্ৰশ্ন কৰি কংগ্ৰেছ উপাধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰকাৰন্তৰে সন্দেহৰ আঙুলি প্ৰধানমন্ত্ৰীলৈ টোৱালে । অৰুণ জেটলীৰ পদত্যাগৰো দাবী তুলিলে ৰাহুল গান্ধীয়ে । 
কংগ্ৰেছৰ অভিযোগৰ সত্যতা কিমান । এই বিযয়টোত প্ৰধানমন্ত্ৰীৰ স্থিতি কি হব । শক্তিশালী ভাৱে ডাঙি ধৰা এই অভিযোগক বিত্তমন্ত্ৰীয়ে কিদৰে উত্তৰ দিয়ে সেয়া অনাগত দিনত লক্ষণীয় হব । কংগ্ৰেছৰ অভিযোগে ৰাজনৈতিক মহলত ইতিমধ্যে উত্তাপ বৃদ্ধি কৰিছে । অপেক্ষা মাথো সত্যতা প্ৰকাশৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here