কংগ্ৰেছ অধ্যক্ষৰ নিৰ্বাচন ! ঘোষণা হল নিৰ্বাচনৰ দিন
বহু জল্পনা কল্পনাৰ অন্তত ঘোষণা হল কংগ্ৰেছ অধ্যক্ষ পদৰ নিৰ্বাচনৰ দিন বাৰ । ২০১৯ চনৰ লোকসভা নিৰ্বাচনত দলটোৰ শোচনীয়া পৰাজয়ৰ পিচতে দলটোৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে । তাৰপিচৰে পৰা কাৰ্যকৰী অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আছিল ছোনিয়া গান্ধীয়ে ।
বিগত বৰ্ষত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ ( CWC ) সভাত কংগ্ৰেছ অধ্যক্ষ পদৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া ২১ আগষ্টৰ পৰা ২০ চেপ্তেম্বৰৰ ভিতৰত সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

অৱশেষত কংগ্ৰেছ অধ্যক্ষ পদৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা হল । ২২ চেপ্তেম্বৰত জাৰি কৰা হব নিৰ্বাচনী অধিসুচনা । মনোনয়ন পত্ৰ জমা দিয়া প্ৰক্ৰিয়া আৰম্ভ হব ২৪ চেপ্তেম্বৰত । মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ৩০ চেপ্তেম্বৰ । নিৰ্বাচন অনুষ্ঠিত হব ১৭ অক্টোবৰত ।
সুত্ৰৰ খবৰ অনুসৰি কংগ্ৰেছ অধ্যক্ষ পদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ জমা লোৱা হব দিল্লীত । নিৰ্বাচন অনুষ্ঠিত হব দিল্লী কংগ্ৰেছৰ মুখ্য কাৰ্যলয়ত ।
National Desk , Ne India News