কংগ্ৰেছৰ পৰা দলত্যাগ কৰিলে আন এগৰাকী নেতাই
কংগ্ৰেছ দলত দলত্যাগৰ সোঁত বৈছে । গুলাম নবী আজাদৰ দলত্যাগৰ চৰ্চা মাৰ নাযাওঁতেই দলটোৰ আন এগৰাকী জেষ্ট্য নেতা তথা প্ৰাক্তন ৰাজ্যসভাৰ সদস্যই দলত্যাগ কৰিছে । তেলেংগণাৰ জেষ্ট্য কংগ্ৰেছ নেতা তথা পুৰ্বৰ ৰাজ্যসভাৰ সাংসদ এম এ খানে কংগ্ৰেছ দলৰ পৰা অব্যাহতি ললে ।
জম্মু-কাশ্মীৰৰ কংগ্ৰেছৰ সদ্যপদত্যাগী নেতা গুলাম নবী আজাদে পাচ পৃষ্টাৰ পদত্যাগ পত্ৰ ছোনীয়া গান্ধীক অৰ্পণ কৰি , কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমলোচনা কৰিছিল । আজাদে ৰাহুল গান্ধীক Non Serious নেতা আখ্যা দিছিল ।
আনহাতে তেলেংগণা কংগ্ৰেছৰ জেষ্ট্য নেতা এম এ খানে দলত্যাগ কৰি ক্ষুৰধাৰ সমলোচনা কৰে ৰাহুল গান্ধীক । খানে কয় , ৰাহুল গান্ধী কংগ্ৰেছৰ উপাধ্যক্ষ পদত অধিষ্ঠিত হৈ দলটোৰ বৃহৎ ক্ষতি কৰিছে ।ৰাহুল গান্ধীৰ চিন্তাৰ দিশ ভিন্ন । ব্লক স্তৰ ,বুথ স্তৰৰ কংগ্ৰেছী সমৰ্থক সৈতে নিমিলে ৰাহুল গান্ধীৰ চিন্তা ।
লগতে এম এ খানে কয় , কংগ্ৰেছৰ বহু প্ৰবীণ নেতাই আজি দলত্যাগ কৰিছে । জেষ্ট্য সকলৰ লগত কেনে ব্যৱহাৰ কৰা উচিত সেয়াও নেজানে ৰাহুল গান্ধীয়ে ।
National Desk, Ne India News