Wednesday, March 22, 2023
HomeAssameseকংগ্ৰেছৰ ধ্বংসমুখী যাত্ৰা

কংগ্ৰেছৰ ধ্বংসমুখী যাত্ৰা

কংগ্ৰেছৰ ধ্বংস মুখী যাত্ৰা

ভাৰতৰ স্বাধীনতা আন্দোলনৰ পিছত জাতিৰ পিতা মহাত্মা গান্ধীয়ে কংগ্ৰেছ দলক ভাঙি দিয়াৰ পোষকতা কৰিছিল। কিন্তু সেই কথা উলাই কৰি কংগ্ৰেছ দলে পৰৱৰ্তী কালত চৰকাৰ গঠন কৰিয়েই থাকিল।

লাল বাহাদুৰ শাস্ত্ৰীৰ সন্দেহজনক মৃত্যুৰ পিছত ৰাজনীতিত অনভিজ্ঞ ইন্দিৰা গান্ধীয়ে কংগ্ৰেছ তথা দেশৰ শাসন চম্ভালি লয়। পৰৱৰ্তী সময়ত তেওঁ বিচক্ষণতা পৰিচয় দিৱলৈ ধৰে।

কংগ্ৰেছৰ ধংস মুখী যাত্ৰা

১৯৭০ চন ইন্দিৰা গান্ধীৰ চৰকাৰে সমাজবাদী আৰ্হিৰ কিছুমান নীতি গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত জনপ্ৰিয়তা বৃদ্ধি হয়। ‘গৰীবী হটাও’ শ্ল’গানেৰে পিছপৰা বৰ্গ, নিবনুৱা সংখ্যালঘু, আদিবাসী, মহিলা আৰু অনুসূচিত জনজাতিসমূহে তেওঁৰ নীতিক ব্যপক ভাবে সমৰ্থন কৰাত কংগ্ৰেছৰ জনপ্ৰিয়তা বৃদ্ধি হয়।

কিন্তু ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ সভাপতি কে কামৰাজৰ পৰা প্ৰৱল প্ৰত্যাহ্বানৰ সন্মূখীন হয়। তেতিয়াই কংগ্ৰেছ দলত ছিণ্ডিকেট শব্দৰ আমদানি হয়। এই ছিণ্ডিকেটে বহু সময়ত কংগ্ৰেছৰ স্থিতি থৰক বৰক কৰি তোলে আৰু বহু সময়ত সহায় কাৰী ভূমিকা পালন কৰে।

Read moreNorth East College of Hearing Impaired,বিশেষ ভাৱে সক্ষম ল’ৰা-ছোৱালীৰ কথাৰে

কিন্ত ইন্দিৰা গান্ধীৰ হাতলৈ ক্ষমতা অহাৰ পিছত নিজৰ স্থিতি মজবুত কৰিবলৈ ছিণ্ডিকেটৰ পৰা মুক্তহৈ দল আৰু চৰকাৰক বচাবলৈ ইন্দিৰা গান্ধীয়ে কিছুমান প্ৰচেষ্টা হাতত লৈছিল।

১৯৬৯ চনত ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যুৰ পাছত ৰাষ্ট্ৰপতি হিচাপে ইন্দিৰা গান্ধীয়ে জগজীৱন ৰামৰ নাম প্ৰস্তাৱ কৰাত ছিণ্ডিকেটে নীলম সঞ্জীৱা ৰেড্ডীক প্ৰক্ষেপ কৰে। সেই সময়তে কংগ্ৰেছ সভাপতি এছ নিজালিন গাপ্পাই কংগ্ৰেছৰ সাংসদ তথা ৰাজ্য বিধানসভাৰ সদস্যসকলক নীলম সঞ্জীৱা ৰেড্ডীক ভোটদান কৰিবলৈ হুইপ জাৰি কৰা অৱস্থাৰ সৃষ্টি হয়।

কংগ্ৰেছৰ ধংস মুখী যাত্ৰা
VV Giri

কিন্তু বিবেক ভোটেৰে ভি ভি গিৰিয়ে জয় লাভ কৰাৰ পিছত এছ নিজালিন গাপ্পাই দলবিৰোধী কাৰ্যৰ অভিযোগত ইন্দিৰা গান্ধীক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰে আৰু কংগ্ৰেছ দল বিভাজিত হৈ পৰে। ইন্দিৰা গান্ধী নেতৃত্বাধীন দলটো কংগ্ৰেছ ( R) আৰু চিন্দিকেট নেতৃত্বাধীন দল কংগ্ৰেছ (O) হিচাপে পৰিচিত হয়।

১৯৬৭ চনৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছ দলৰ সদস্যৰ দল ত্যাগ কৰাৰ প্ৰৱণতা বৃদ্ধি পায়। যাৰ বাবে ১৯৮৫ চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে দলত্যাগ বিৰোধী আইন প্ৰৱৰ্তন কৰিছিল।

কংগ্ৰেছ দলৰ ধংস মুখী যাত্ৰাত প্ৰথম খোজ দিছিল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে। ১৯৭৭ চনত জগজীৱন ৰামে কংগ্ৰেছ দল ত্যাগ কৰি জনতা পাৰ্টীত যোগদান কৰে। ১৯৭৮ চনত ইন্দিৰা গান্ধীয়ে কংগ্ৰেছৰ এটা অংশ লৈ ভাৰতীয় জাতীয় কংগ্ৰেছ – ই (Indian National Congress – Indira) নাম দিয়ে।

তাৰ পিছতো কংগ্ৰেছ দল বিভাজিত হৈ থাকে। দেৱৰাজ আৰ্চ, এ কে এন্টনি, শাৰদ পাৱাৰ, শৰৎ চন্দ্ৰ সিংহ, প্ৰণৱ মুখাৰ্জী, নাৰায়ণ দত্ত তিৱাৰী, গেগং আপাং, পি এ চাংমা আদি অনেক নেতাৰ নেতৃত্বত কংগ্ৰেছ দল ৭০ – তকৈয়ো অধিক বাৰ বিভাজিত হৈছে।

কংগ্ৰেছৰ ধংস মুখী যাত্ৰা

শেষত কংগ্ৰেছ দলক মৃত্যুৰ মুখলৈ ঠেলি দিলে গান্ধী-নেহেৰু পৰিয়ালৰ সন্তান ৰাহুল গান্ধী আৰু তেওঁৰ মাতৃ ছোনিয়া গান্ধীয়ে। তাৰ কফিনত শেষ গজালটো মাৰিলে গোলাম নবী আজাদে

আচলতে কংগ্ৰেছ দলৰ কফিন কেতিয়াবাই তৈয়াৰ হৈ আছিল। কিন্তু কংগ্ৰেছ দলৰ কিছুমান চাতুকাৰ নেতাৰ জহত ছোনিয়া ৰাহুল কোম্পানীৰ নাও চলি আছিল। প্ৰণৱ মুখাৰ্জী, কপিল চিব্বাল, গোলাম নবী আজাদ মল্লিকাৰ্জুন খৰ্গে, ৰণ দীপ সিং সূৰ্য্যেৱালা আদি অভিজ্ঞতা সম্পন্ন লোক কংগ্ৰেছ দলত থকাৰ পিছতো দলটোৰ শ্ৰীবৃদ্ধিৰ কথা নাভাবিলে। কপিল চিব্বাল, গোলাম নবী আজাদে কংগ্ৰেছ দল, সভাপতি আদিৰ কাৰ্য্যৰ সমালোচনা এতিয়া কৰাতকৈ বহু আগতেই দলৰ ভিতৰত থাকি সেই কাম কৰা হেঁতেন হয়তো দলটোৰ শ্ৰীবৃদ্ধি হ’ল হেঁতেন।

কংগ্ৰেছৰ ধংস মুখী যাত্ৰা

কিহৰ আশাৰ বন্দী হৈ আছিল জেষ্ট্য কংগ্ৰেছীসকল

কিহৰ আশাত তেওঁলোক বন্দী হৈ আছিল – সেয়াও এক নুবুজা সাঁথৰ। হয়তো ভাবিছিল – ” অমুক যোৱাৰ পিছত মই অমুক হ’ব পাৰিম!” কংগ্ৰেছ দলত ডাঙৰ বিষয় বাব পোৱাৰ আশাত ইমান দিনে অপেক্ষা কৰি আছিল।

অ-পৰিপক্ক ৰাহুল গান্ধীয়ে যি কয় তেওঁলোকেও ভাটৌৰ দৰে প্ৰচাৰ মাধ্যমৰ সন্মুখত আওৰাই আছিল। মল্লিকাৰ্জুন খৰ্গে, অধীৰ ৰঞ্জন দে, ৰণ দীপ সিং সূৰ্য্যেৱালা আদিয়ে এতিয়াও তাকেই কৰি আছে।

কিন্তু কংগ্ৰেছ দলৰ ভৱিষ্যতৰ কোনো উজ্জ্বলতাৰ সম্ভাৱনা নেদেখি কপিল চিব্বাল বা গোলাম নবী আজাদে এতিয়া দল ত্যাগৰ ৰাস্তা লৈছে। কিন্তু মনত ৰখা উচিত যে – কংগ্ৰেছৰ ধংস মুখী যাত্ৰাৰ তেওঁলোকো সহযাত্ৰী।

ড০ আৰ কে বেজবৰুৱা ,তেজপুৰ

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments