`কংগ্ৰেছৰ দিনত  NRCৰ উদ্দেশ্য আছিল এটা , বিজেপিৰ হল আন এটা´  -প্ৰদেশ কংগ্ৰেছৰ সভাপতি

0
855

 

খাৰুপেটীয়াত কংগ্ৰেছৰ কৰ্মী সভা।
কংগ্ৰেছৰ দিনত  এন আৰ চিৰ উদ্দেশ্য আছিল এটা , বিজেপিৰ হল আন এটা  -প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ।
সন্দেহযুক্ত নাগৰিকৰ স্থায়ী সমাধান বিছাৰিছিল কংগ্ৰেছে।

NE INDIA NEWS: কংগ্ৰেছৰ দিনত এন আৰ চিৰ উদ্দেশ্য আছিল এটা , বিজেপিৰ দিনত হল আন এটা । এই মন্তব্য প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ । আজি দৰঙৰ খাৰুপেটীয়া অসম ক্লাবত কংগ্ৰেছৰ এখন দলীয় সভাত উপস্থিত থাকি ৰাজ্য সভাৰ সাংসদ গৰাকীয়ে  আৰু কয় যে – অসমত সততে ভাৰতীয় নাগৰিকক সন্দেহজনক নাগৰিক , বাংলাদেশী আদিৰ লেবেল স্হায়ী ভাৱে  দুৰ কৰাৰ উদ্দেশ্যে কংগ্ৰেছে অসম চুক্তিৰ আধাৰত এন  আৰ চিৰ কাম আৰম্ভ কৰিছিল যদিও চৰকাৰ পৰিবৰ্তন হোৱাৰ বাবে বিজেপি চৰকাৰ দিনত চলি থকা এন আৰ চিৰ চুড়ান্ত খচৰাৰ পৰা ৪০ লাখৰো অধিক লোকৰ নাম বাদ পৰিল ।এই ৪০ লাখ লোকক লৈ অকল ভাৰত বৰ্ষতে নহয় আন্তৰাষ্ট্ৰীয় পৰ্যায়তত বিৰ্তক সৃষ্টি হৈছে ।এই ৪০ লাখ লোকৰ ভিতৰত অধিকাংশই ভাৰতীয় নাগৰিক ।আনকি একাংশ বিষয়া কৰ্মচাৰীৰ চৰম খাম খেয়ালিৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰপতিৰ পৰিয়ালৰ লোক , প্ৰাক্তন মহিলা মুখ্যমন্ত্ৰী নাম , মুক্তিযোদ্ধা, অসম আন্দোলনৰ নেতাৰ তথা বহু খিলঞ্জীয়াৰ নাম  চুড়ান্ত খচৰাৰ পৰা বাদ  বুলি কৰ্মী সভাখনত কয় সভাপতি ৰিপুণ বৰাই । বেছিমাৰী আৰু দলগাঁও ব্লক কংগ্ৰেছৰ উদ্দোগত অনুষ্ঠিত সভাখনত এ পি চি চিৰ উপ সভাপতি দ্বিজেন শৰ্মা কয়  যে এন আৰ চিক লৈ আৰ এচ এচে যি চক্ৰান্ত কৰিছে সেই চক্ৰান্তত কংগ্ৰেছে বশ্যতা স্বীকাৰ নকৰে ।যি আৰ এচ এচে মহাত্মা গান্ধীৰ হত্যা কৰিছে সেই আৰ এচ এচৰ বিৰুদ্ধে কংগ্ৰেছে সদায় যুদ্ধ কৰি আহিছে আৰু কৰি যাব । সভাখনত থকা প্ৰাক্তন সাংসদ মাধব ৰাজবংশীয়ে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী এজন সৎ ব্যক্তি হোৱা বাবে কংগ্ৰেছে বেছিকৈ সন্মান দি আহিছে বুলি কয়  । কিন্তু এতিয়া বিজেপিত ভাল ব্যক্তি নাই ।বিজেপি এটা সাম্প্ৰদায়িক দল , বিজেপি মুছলমান, খৃষ্টান বিৰোধী দল সেই কাৰণে তেওঁলোকে এই সকলৰ নাম কাটি পাকিস্তান বাংলাদেশ আফগানিস্তানৰ পৰা হিন্দু লোক আনিব বিছাৰিছে । কিন্তু ইয়াত ডিটেনশ্যন কেম্পত থকা আৰু ডি ভোটাৰৰ নামত হাৰাশাস্তি কৰা হিন্দু সকলৰ চিন্তা কৰাৰ সময় নাই বুলি বিজেপি চৰকাৰখনৰ কটাক্ষ কৰে । সভাখনত এ পি চি চিৰ বহু কেইজন সাধাৰণ সম্পাদকৰ লগতে দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াচ আলী আৰু কংগ্ৰেছ দলৰ নেতা কৰ্মী ও সেৱা দলৰ কৰ্মী সকল উপস্থিত থাকে ।


 আব্দুল হাকিম খাৰুপেটীয়াৰ Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here