Wednesday, March 22, 2023
HomeAssameseকংগ্ৰেছত মোক্ষম আঘাত ! JK ৰ ৬৪ নেতাই কৰিলে দলত্যাগ

কংগ্ৰেছত মোক্ষম আঘাত ! JK ৰ ৬৪ নেতাই কৰিলে দলত্যাগ

কংগ্ৰেছত মোক্ষম আঘাত ! JK ৰ ৬৪ নেতাই কৰিলে দলত্যাগ

কংগ্ৰেছ দলক বিপদে লগ এৰা নাই । এগৰাকীৰ পিচত আন এগৰাকী কংগ্ৰেছ নেতাই পদত্যাগ কৰিছে দলটোৰ পৰা । কংগ্ৰেছ যেন ধুম উঠিছে দলত্যাগৰ ।
প্ৰবীণ কংগ্ৰেছী নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদৰ দলত্যাগৰ পিচতে জম্মু-কাশ্মীৰ কংগ্ৰেছত সৃষ্টি হৈছে তীব্ৰ খহনীয়াৰ ।

Read moreকংগ্ৰেছৰ পৰা দলত্যাগ কৰিলে আন এগৰাকী নেতাই

গুলাম নবী আজাদৰ দলত্যাগ পিচদিনাই দলটোৰ পৰা পদত্যাগ কৰিছিল জম্মু-কাশ্মীৰ কংগ্ৰেছৰ পাচগৰাকী জেষ্ট্য নেতাই । মঙলবাৰে কংগ্ৰেছ হাইকমাণ্ডৰ বাবে আন এটা দুখৰ খবৰ আহিল ।

Read moreজম্মু কাশ্মীৰ কংগ্ৰেছত পদত্যাগৰ ঢৌ

জম্মু-কাশ্মীৰ কংগ্ৰেছৰ ৬৪ গৰাকী নেতাই একেলগে দলত্যাগ কৰিলে কংগ্ৰেছৰ পৰা 

দলত্যাগ কৰা নেতা সকলৰ মাজত আছে JK ৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তাৰাচন্দ , প্ৰাক্তন মন্ত্ৰী মাজিদ বানি , মনোহৰ লাল শৰ্মা, প্ৰাক্তন বিধায়ক বলবান সিঙ , JK কংগ্ৰেছৰ সচিব নৰেন্দ্ৰ শৰ্মাৰ দৰে প্ৰভাৱশালী নেতা ।
মঙলবাৰে পদত্যাগ কৰা নেতা সকলে ৰবিবাৰে গুলাম নবী আজাদ নেতৃত্বাধীন নতুন ৰাজনৈতিক দলত যোগদান কৰিব ।


মঙলবাৰে পদত্যাগ কৰা ৰাজ্যখনৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তাৰাচন্দই কয় যে , কংগ্ৰেছ হাইকমাণ্ডে কোনোদিনে আমাৰ অভিযোগ শুনাৰ আগ্ৰহী নাছিল । হাইকমাণ্ডে আমাক সাক্ষাতো নিদিছিল ।
তাৰাচন্দই লগতে কয় , গুলাম নবী আজাদে নতুন ৰাজনৈতিক দল গঠন কৰাত আমি সুখী হৈছো ।

National Desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments