ওদালগুৰিত সৌৰশক্তি প্ৰকল্পৰ শুভ উদ্বোধন

8

ওদালগুৰিত সৌৰশক্তি প্ৰকল্পৰ শুভ উদ্বোধন

মঙ্গলবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা ওদালগুৰি জিলাৰ ৰৌতা বালিচিয়া গাঁও নিবাসী ‘অসম গৌৰৱ’ বঁটাৰে সন্মানিত কল্পনা বড়োৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। কল্পনা বড়োই অংগনৱাড়ী কৰ্মী হিচাপে শিশুসকলক প্ৰাক্-প্ৰাথমিক শিক্ষা প্ৰদানৰ লগতে পুষ্টিকৰ আহাৰ আৰু প্ৰসূতি মাতৃৰ যত্নৰ দিশত উল্লেখযোগ্য সেৱা আগবঢ়াই এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল।

লগতে মুখ্যমন্ত্রী গৰাকীয়ে ওদালগুৰি জিলাত উপস্থিত থাকি মাজবাট সমষ্টিৰ প্ৰাক্তন বিধেয়ক কৰেন্দ্ৰ বসুমতাৰীৰ ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিস্থিত বাসগৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয়। কৰেন্দ্ৰ বসুমতাৰীৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ আৰগ্য কামনা কৰাৰ লগতে চিকিৎসা ক্ষেত্রৰ সকলো ধৰণৰ সহায়-সহযোগীতা আগবঢ়োৱাৰ আশ্বাস প্রদান কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।

লগতে বি টি আৰৰ ৰাজ্যৰ শক্তিখণ্ডৰ এক সোণালী দিন আজি। অসম সৌৰশক্তি নীতি ২০১৭ ৰ অংশ হিচাপে নিৰ্মাণ কৰা ৰাজ্যৰ প্ৰথমটো সৌৰশক্তি প্ৰকল্প আজি ওদালগুৰি জিলাৰ লাল পুলৰ ৰাইজৰ সেৱাত উৎসৰ্গা কৰিলে মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্বই । লগতে ৫ বছৰত পৰম্পৰাগত উৎসবৰ পৰিবৰ্তে নৱীকৰণ যোগশক্তিৰে সেউজ খণ্ডলৈ গতি কৰাৰ সংকল্প লয়।আজিৰ এই অনুষ্ঠানটো মুখ্য মন্ত্ৰী ৰ লগত উপস্থিত থাকে সতীৰ্থ মন্ত্ৰী শ্ৰী মতি নন্দিতা গাৰ্লৈাছা,শ্ৰী অশোক সিংহল ,বি টি আৰৰ মাননীয় উপ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী গোবিন্দ চন্দ্ৰ বসুমতাৰী,মাননীয় বিধয়ক শ্ৰী প্ৰমোদ বড়ো , মাননীয় বিধায়ক শ্ৰী চৰন বড়ো, মজিবুল ৰহমান পমুখ্যে বি টি আৰৰ সন্মানীয় কৰ্যবাহী সদস্য সকলোকে ধৰি শক্তি বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্তি থাকে ।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here