Tuesday, March 21, 2023
HomeAssameseঐতিহাসিক সৌমাৰ বিদ্যাপীঠ উঃ মা বিদ্যালয়ৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ঐতিহাসিক সৌমাৰ বিদ্যাপীঠ উঃ মা বিদ্যালয়ৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ঐতিহাসিক সৌমাৰ বিদ্যাপীঠ উঃ মা বিদ্যালয়ৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ঐতিহাসিক ডিগবৈ সৌমাৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।
শ্বহীদ বেদীৰ সন্মুখত স্মৃতি তৰ্পণ কৰি পুৱা ১০ বজাত কাৰ্য্যসূচী শুভাৰম্ভ কৰে প্ৰাক্তন শিক্ষক দিবাকৰ ছেত্ৰীয়ে। শিক্ষয়িত্ৰী দ্বয় সুদেষ্ণা শইকীয়া আৰু জানমণি টুঙখুঙীয়াই আঁতধৰা মুকলি সভাত সভাপতিত্ব কৰে প্ৰাক্তন অধ্যক্ষ তথা সাহিত্যক দিলীপ ভট্টাচাৰ্যই। জ্যেষ্ঠ শিক্ষক ৰঞ্জন শৰ্মাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে অধ্যক্ষ মানস দাসে। প্ৰয়াত ফটিক চন্দ্ৰ শৰ্মা সোঁৱৰণী শৈক্ষিক ন্যাস বঁটা কাৰ্য্যসূচী উন্মোচন কৰে সভাপতি দিলীপ ভট্টাচাৰ্যই। মুখ্য অতিথি, বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন অধ্যক্ষ পুণ্য শইকীয়াই সৌমাৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ঐতিহাসিক কিছু পৰিঘটনাৰ ৰোমন্থন কৰি চমু বক্তব্য প্ৰদান কৰে। কৃতি ছাত্ৰ ছাত্ৰীক প্ৰয়াত ফটিক চন্দ্ৰ শৰ্মা সোঁৱৰণী শৈক্ষিক ন্যাস বঁটা প্ৰদান কৰা হয় । বটা প্ৰদান কৰে ভানুবালা দেৱীৰ লগতে মুখ্য আৰু বিশিষ্ট অতিথি সকলে । এই বঁটাত আছে নগদ ধন আৰু মানপত্ৰ । প্ৰতিষ্ঠা দিৱসৰ সভাত বিশিষ্ট অতিথি হিচাপে ড° দীপক গোস্বামী,ভানুবালা দেৱী,ড° দেৱাশীশ বসু,ড° মনিমালা শৰ্মা, প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক বিনন্দ কোঁৱৰ,আৰ ডি জুনিয়ৰ কলেজৰ অধ্যক্ষ দিব্যজ্যোতি দে’,বিবেকানন্দ বিদ্যালয়ৰ উপাধ্যক্ষ দিগন্ত দত্ত উপস্থিত থাকে।বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্য-গীত পৰিবেশন কৰা লগতে অধ্যক্ষ মানস দাসেও গীত পৰিৱেশন কৰি সভাৰ সৌষ্টৱ বৃদ্ধি কৰে।

ৰন্টু বৰশীইকীয়া , তিনিচুকীয়া , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments