ঐতিহাসিক চহৰ মাইবাং

0
420

ঐতিহাসিক চহৰ মাইবাং

এখন ঐতিহাসিক চহৰ মাইবাং। ডিমা হাচাও জিলাৰ প্রথমখন মহকুমা চহৰ। এসময়ৰ ডিমাচা ৰজাৰ ৰাজধানী আছিল মাইবাং চহৰ। মাইবাংক সুন্দৰভাৱে সজাই তোলাৰ সপোন দেখিছিল  মাইবাং টাউন কমিটিৰ চেয়াৰমেন প্রবেন থাওচেনে(Proben Thousen)। তেওঁ কয়, মাইবাং বজাৰত থকা কুৱা ব্রিটিছৰ কালৰ। বৰ্তমানেও সেই কুৱাৰ সংৰক্ষণ কৰি ৰখা হৈছে। ইয়াৰোপৰি ২০১৬ চনৰ পূৰ্বৰ যিসমূহ দোকান আছে সেই আটাইবোৰ ব্ৰিটিছৰ দিনত তৈয়াৰী। আনহাতে, টাউন কমিটিৰ স্থানত অবৈধ ভাৱে বহুলোকে বসবাস কৰি আহিছে। ইয়াৰ বিৰুদ্ধে থাওচেনে এক প্ৰস্তাৱ প্ৰেৰণ কৰে চি ই এমলৈ। চি ই এম য়ে প্ৰস্তাৱত সন্মতি প্ৰদান কৰে।  টাউন আৰু কান্ট্রি প্লেনিংৰ বাবে আৰ্থিক অনুদান আগবঢ়াই। দুমহলীয়া ভৱন নিৰ্মাণ কৰি গ্রাউণ্ড ফ্লৰৰ ব্যৱসায়ীক দোকান ভাড়ালৈ দিয়া হয়। ইয়াৰোপৰি পুৰণি মাছৰ বজাৰৰ গৃহ সমূহৰ উন্নিতকৰণ কৰা হয়। বৰ্তমান মাইবাংৰ জনসাধাৰণ স্বচ্ছতাৰ ক্ষেত্ৰত অধিক সচেতন বুলি জানিবলৈ দিয়ে টাউন কমিটিৰ চেয়াৰমেন গৰাকীয়ে। এই আটাইবোৰ পৰিৱৰ্তনৰ বাবে অতিকৈ সুখী আৰু বৃহৎ সাফল্য চেয়াৰমেন থাওচেনৰ।
বুবুন দত্ত, হাফলং, NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here