এন জি টি ৰ ম্যাদ ওকলি গ’ল তথাপিও অব্যাহত কয়লা সৰবৰাহ

0
809
 NE INDIA NEWS: 
নেশ্যনেল গ্ৰীণ ট্ৰাইবুনেলে ম্যাদ ওকলি যোৱাৰ পিছতো মেঘালয়ৰ পৰা বৰাকত ক’লা হীৰাৰ প্ৰবেশ অব্যাহত আছে ৷ বুধবাৰে পুনৰ গুমৰা আৰক্ষীৰ হাতত জব্দ হ’ল ৩ খন কয়লা ভৰ্তি ট্ৰাক ৷আকৌ এবাৰ প্ৰমাণিত  হ’ল অবৈধভাৱে কয়লা সৰবৰাহ কথা ৷স্থানীয় সূত্ৰ মতে বুধবাৰে পুৱা ৪ বজাত ট্ৰাক সমুহ প্ৰবেশ কৰিছিল যদিও নিশা ৯ বজাত সেই স্থানৰ পৰা ট্ৰাক সমুহ জব্দ কৰে গুমড়া আৰক্ষীয়ে ৷কিন্তু আৰক্ষী আৰু স্থানীয় লোকৰ বক্তব্যৰ মাজত মিল নাই ৷ গুমড়া আৰক্ষীৰ ইনচাৰ্জ ৰাজেন পাও ৰংমাই জনালে যে গাড়ী সমুহ গেট বেৰিকেট ভাঙি আগুৱাই গৈছিল আৰু আৰক্ষীয়ে অনুসন্ধান কৰি কালাইনৰ আজুমাৰাত জব্দ কৰে ৷ গাড়ী সমুহৰ নম্বৰ ক্ৰমে AS 11 AC/7058,AS11 AC/7363,MZ04/7334 বৃহস্পতিবাৰে আৰক্ষীৰ জিম্মাত থকা গাড়ী সমুহৰ নম্বৰ দিগৰখালৰ এম ভি চেক গেটৰ পৰা প্ৰকৃত তথ্য উদ্ধাৰ হৈছে ৷ কয়লা বোজাই কৰা ট্ৰাক বোৰত যি সমুহ নম্বৰ ব্যৱহাৰ কৰি পথত চলাচল কৰে ৷সেই সমুহ নম্বৰ প্ৰকৃত নম্বৰ নহয় ৷প্ৰকৃত নম্বৰ প্লেটৰ ওপৰত ভূৱা নম্বৰ প্লেট লগাই অবৈধ কয়লা সৰবৰাহ হয় ব্যৱহাৰ কৰা ট্ৰাক সমুহত ৷সন্মুখ ভাগৰ আৰু পিছৰ ভাগত লগোৱা নম্বৰ প্লেটৰ নম্বৰ একে নহয় ৷
বেৰিকেট ভাঙি গাড়ী প্ৰবেশ কৰাই প্ৰমাণ কৰে যে চৰকাৰী প্ৰশাসনক কয়লা মাফিয়াই ভয় নকৰে ৷চৰকাৰী ৰাজহ হেৰুৱা এনে ঘটনাই স্থানীয় লোকক ক্ষোভিত কৰি তুলিছে ৷ এন জি টিৰ নিৰ্দেশৰ পিছতো কয়লাৰ এনে অবৈধ ব্যৱসায়ৰ ফলত দীগৰ খাল সহ সমগ্ৰ বৰাকত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে ৷ CIDৰ তালাচী,এজনৰ পিছত এজন বিষয়া গ্ৰেপ্তাৰ মাষ্টাৰ মাইণ্ড আব্দুল আহাদক গ্ৰেপ্তাৰৰ পিছতো এই অবৈধ কয়লা ব্যৱসায়ৰ অলপো হীন দেড়ী পৰিলক্ষিত হোৱা নাই ৷
প্ৰণৱ মালাকাৰ NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here