এনেকৈ ক্লাৱতো নহয় নিৰ্বাচন…Congress অধ্যক্ষ নিৰ্বাচনক লৈ কোনে দিলে এই মন্তব্য
দীৰ্ঘ বিৰতিৰ পিচত কংগ্ৰেছ অধ্যক্ষ পদৰ নিৰ্বাচন হবলৈ আগবাঢ়িছে । ১৭ অক্টোবৰত অনুষ্ঠিত হব কংগ্ৰেছৰ অধ্যক্ষ পদৰ নিৰ্বাচন ।
কংগ্ৰেছৰ এই নিৰ্বাচনক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে কংগ্ৰেছৰে G-23 গোটৰ নেতাই । অসন্তুষ্ট কংগ্ৰেছীৰ G-23 গোটত আছে বহু কেইগৰাকী জেষ্ট্য কংগ্ৰেছী । কংগ্ৰেছত ক্ৰমে G-23 গোট নিশকতীয়া হৈছে । কাৰণ এই গোটৰ পৰা ইতিমধ্যে বহু কেইগৰাকীয়ে দলত্যাগ কৰিছে ।
১৭ অক্টোবৰত অনুষ্ঠিত হব লগীয়া কংগ্ৰেছৰ অধ্যক্ষ পদৰ নিৰ্বাচন ক লৈ সন্দেহ প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা মণিষ তিৱাৰীয়ে ।
টুইটাৰৰ যোগেৰে প্ৰশ্ন উত্থাপন মণিষ তিৱাৰীৰ
কংগ্ৰেছ সংগঠনৰ নিৰ্বাচনৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে নেতাগৰাকীয়ে । মণিষ তিৱাৰীয়ে প্ৰশ্ন কৰিছে , ভোটাৰৰ তালিকা অবিহনে কেনেকৈ অনুষ্ঠিত হব এই নিৰ্বাচন ?
মণিষ তিৱাৰী দাবী , নিৰপেক্ষ নিৰ্বাচনৰ বাবে ভোটাৰৰ নাম-ঠিকনা সাৰ্বজনিক কৰক ।

কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনৰ সচিব মধুসুধন মিষ্ট্ৰীক কংগ্ৰেছ নেতা মণিষ তিৱাৰীৰ প্ৰশ্ন , দলৰ ভোটাৰ তালিকা অবিহনে নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নে ? নিৰপেক্ষ নিৰ্বাচনৰ প্ৰথম স্বৰ্ত ভোটাৰৰ নাম ঠিকনা সাৰ্বজনিক হোৱাটো । মধুসুধন মিষ্ট্ৰীক মণিষ তিৱাৰী আহ্বান , কংগ্ৰেছৰ অফিচিয়েল ৱেবচাইটত ভোটাৰ তালিকা পাৰদৰ্শী ৰুপত প্ৰকাশ কৰক ।
Read More-কোন হব কংগ্ৰেছৰ পৰৱৰ্তী অধ্যক্ষ ! প্ৰত্যাহ্বানৰ সন্মুখীন হব নেকি RG
উল্লেখ্য যে , মঙলবাৰৰ পৰা ধাৰাবাহিক ভাৱে টুইটাৰ যোগেৰে কংগ্ৰেছৰ সংগঠনৰ নিৰ্বাচনক লৈ প্ৰশ্ন উত্থাপন কৰি গৈছে জেষ্ট্য কংগ্ৰেছী নেতা মণিষ তিৱাৰীয়ে । মণিষ তিৱাৰীয়ে তাৎপৰ্যপুৰ্ণ ভাৱে কয় , ভোটাৰৰ তালিকা অবিহনে ক্লাৱ বা সংঘৰো নিৰ্বাচন অনুষ্ঠিত নহয় ।
National Desk , Ne India News