একনায়কত্ববাদী ৰাষ্ট্ৰ প্ৰধান কিম জং উনৰ চকুত চকুপানী! কিন্তু কিয়?

0
93

একনায়কত্ববাদী ৰাষ্ট্ৰ প্ৰধান কিম জং উনৰ চকুত চকুপানী! কিন্তু কিয়?

একনায়কত্ববাদী ৰাষ্ট্ৰ প্ৰধান কিম জং উনৰ চকুত চকুপানী।একনায়কত্ববাদে হৈছে তেওঁৰ শাসনৰ মূলমন্ত্ৰ । এক ব্যতিক্ৰমী ৰূপত সংবাদ মাধ্যমৰ কেমেৰাত ধৰা পৰিল ৰাষ্ট্রপ্ৰধানগৰাকী।

উত্তৰ কোৰিয়াৰ শাসনাষ্ঠিত worker,s party ৰ ৭৫সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকীত ভাষণ দি থকাৰ সময়তে আৱেগিক হৈ পৰে
একনায়কত্ববাদী নেতাগৰাকী। তেওঁ উত্তৰ কোৰিয়াৰ জনসাধাৰণক উদ্দেশ্য কয় উত্তৰ কোৰিয়াৰ জনসাধাৰণৰ আশা অনুসৰি তেওঁ কাম কৰিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিছিলে।কৰ’না মহামাৰীৰ পৰিস্থিতিত ব্যৰ্থ হোৱাৰ বাবে জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰে কিম জং উনে। নেতাগৰাকীয়ে সেই মুহূৰ্তত চকুপানী মচি পেলোৱাও দেখা গৈছে। ক্ষমা বিচাৰি কথা কৈ থকা সময়তে নেতাগৰাকীয়ে চশমা খুলি চকুৰ পানী মচি নিয়া দেখা যায়।

তেও কয়, ‘’ কিম-২ আৰু কিম জগ ইলেৰ লক্ষ্য পূৰণৰ বাবে দেশৰ জনসাধাৰণে মোক দায়িত্ব অৰ্পণ কৰিছে। কিন্তু মই চেষ্টা কৰিও জনসাধাৰণৰ অসুবিধাসমূহ হ্ৰাস কৰিব পৰা নাই।’তেওঁ লগতে দক্ষিণ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰি তোলাৰ আগ্ৰহো প্ৰকাশ কৰে ।
সাহসী, নিৰ্ভীক তথা কঠোৰ শাসকগৰাকীৰ চকুত চকুপানী দেখি স্বাভাৱিকতে হতবাক হৈ পৰিছে সমগ্ৰ বিশ্ব বাসী আৰু আন্তৰাষ্টীয় পযায়ত চৰ্চাৰ বিষয় হৈ পৰিছে ।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here