এওঁলোক কোন? ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা বাট্ৰা

0
123

এওঁলোক কোন? ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা বাট্ৰা

ভাৰতবৰ্ষৰ বিভিন্ন দেশৰ বিভিন্ন পৰিয়ালৰ অগণন পুৰুষ-নাৰীয়ে বৃটিছৰ বিৰুদ্ধে যুঁজিবলৈ হাঁহি হাঁহি স্বামী, পুত্ৰ আৰু নিজৰ জীৱন আগবঢ়াই দিছিল। তেওঁলোকৰ ভিতৰত প্ৰথমেই নাম ল’ব লাগিব – টিপু চুলতান, ঝাঞ্চী ৰাণী লক্ষ্মীবাই, হোলকাৰ, ভোঁচলে, ৰাণী গুইডালু আদি ইতিহাস প্ৰসিদ্ধ ৰাজকীয় ব্যক্তিসকলৰ। তাৰ পিছত আহিছিল – মংগল পাণ্ডে, চন্দ্ৰশেখৰ আজাদ, ভগৎ সিং, খুদিৰাম, অসমৰ কুশল কোঁৱৰ, মনিৰাম দেৱান, মুকুন্দ কাকতি, কনকলতা বৰুৱা, আদি অগণিত মানুহ, যাৰ পৰিয়াল দেশ প্ৰেমৰ জোৱাৰে উদ্বেলিত। তেওঁলোকক দেশ বুলিলে এতিয়াও আদেশ নালাগে।
এইবাৰ আহিছোঁ ছোনীয়া গান্ধীৰ কথালৈঃ
এগৰাকী বিদেশী গাভৰু। সৌভাগ্যক্ৰমে ভাৰতৰ প্ৰধান মন্ত্ৰীৰ পুত্ৰৰ পত্নী হৈ তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ প্ৰধানমন্ত্ৰীৰ পত্নী হয়। তেওঁৰ শিক্ষাগত অৰ্হতাৰ নাই কোনো তথ্য, তেওঁৰ প্ৰকৃত নামতো বিভ্ৰান্তি। তেওঁৰ নাই কোনো ৰাজনৈতিক জ্ঞান, নাই কোনো সামাজিক স্থিতি। তেনেকুৱা এগৰাকী মহিলাক শৌৰ্য্যৰে বিভূষিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মহানায়ক সকলে এসময়ত আগবঢ়াই দিছিল – ভাৰতৰ প্ৰধান মন্ত্ৰীৰ আসনত বহিবলৈ। তেতিয়াও ভাৰতীয় নেতা কেইজনমানৰ হৃদয়ত জাতীয়তাবোধ তথা দেশ প্ৰেম জীয়াই আছিল, যাৰ বাবে ভাৰতীয় মূলৰ দাবী উত্থাপন হৈছিল প্ৰধান মন্ত্ৰীত্বৰ দাবীদাৰ জনৰ ক্ষেত্ৰত, সেই সময়ত। যিবোৰে ছোনীয়া গান্ধীক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৰ্বোচ্চ পদটোত অধিস্থিত কৰিছিল, তেওঁলোকৰ মনত জাতীয়তাবোধ, দেশপ্ৰেম, তথা আত্ম উপলব্ধিৰ মৃত্যু ঘটিছিল। তাৰ ঠাইত কেৱল মাত্ৰ জীয়াই আছিল – ব্যক্তিগত লালসা- সি ৰাজনৈতিক, আৰ্থিক বা সামাজিক প্ৰতিপত্তি, যিয়েই নহওঁক। তেওঁলোকে কিন্তু তাত কোনো দেশাত্মবোধ দেখা পোৱা নাছিল, আজিয়ো তেওঁলোকৰ দৃষ্টিত তাক দেখা পোৱা নাযায় ।
ড০ মনমোহা সিং নামৰ আগশাৰীৰ এজন পণ্ডিত, অৰ্থনীতি বিশাৰদ ব্যক্তিয়ে ছোনিয়া গান্ধী নামৰ সাধাৰণ সাংসদ এগৰাকীৰ আঙুলিৰ ঠাঁৰেৰে দহটা বছৰ উঠা-বহা কৰি থাকিল। এদল শিক্ষিত, নৈতিকভাৱে জ্ঞানী, বিবেচনা সম্পন্ন মানুহে কিন্তু সেই দল ত্যাগ কৰি ওলাই আহিল। এতিয়াও এদল চাতুকাৰে কিন্তু ছোনিয়া গান্ধীৰ সংগ ত্যাগ কৰিব পৰা নাই।
আজি কিন্তু সেই বিদেশৰ পৰা আহি স্বদেশী হোৱা ছোনিয়া গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ কথা বিশ্বাস নকৰে। পাকিস্তান আৰু চীনৰ আভ্যন্তৰীণ সম্পৰ্কত প্ৰধান মন্ত্ৰী, দেশৰ ৰক্ষা বিভাগৰ বিবৃতিৰ বিপৰীতে ছোনিয়া গান্ধীয়ে প্ৰমাণ বিচাৰে, যেন তেওঁ দেশৰ সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম।
বৰ্তমানো শ শ বছৰীয়া ঐতিহ্য বহন কৰা ভাৰতীয় সংস্কৃতিৰে লালিত-পালিত ব্যক্তি এজন নোলল, যিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব বহন কৰিব পাৰে। বহু কেইখন প্ৰদেশত এনেকুৱা কংগ্ৰেছৰ মূখ্যমন্ত্ৰী আছে – যিয়ে তিনিবাৰ পৰ্যন্ত প্ৰদেশখন শাসন কৰিছিল। তেওঁলোক শাসন আৰু প্ৰশাসনত দক্ষতা সম্পন্ন লোক। তেনেক্ষেত্ৰত দলৰ নেতৃত্ব বহন কৰিবলৈ তেওঁলোকৰ যোগ্যতাৰ অভাৱ নে?
ৰাহুল গান্ধীঃ বৰ্তমানৰ এজন সাধাৰণ সাংসদ, পূৰ্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি। তেওঁৰ না-আছে কোনো শিক্ষাগত অৰ্হতা, না-আছে কোনো ৰাজনৈতিক জ্ঞান আৰু কথা কোৱাৰ ঢং। সাধাৰণ সাংসদ হিচাপেও দেশৰ সংসদ তথা প্ৰধান মন্ত্ৰীজনৰ প্ৰতি প্ৰদৰ্শন কৰিব লগীয়া নুন্যতম জ্ঞানখিনিয়ো তেওঁৰ নাই। বৰ্তমান সময়ত দেশৰ স্বাৰ্থৰ প্ৰতি আন্তৰিকতা নাৰাখি ৰাহুল গান্ধীয়ে চীনৰ ওচৰত প্ৰধান মন্ত্ৰী, তথা সৈন্য বাহিনীয়ে ছাৰেণ্ডাৰ কৰা বুলিহে তাল-ফাল লগাই আছে। আভ্যন্তৰীণ সুৰক্ষাৰ বিষয়ে তেওঁক সকলো কথা জনোৱাৰ দাবী উত্থাপন কৰিছে। দেশৰ সুৰক্ষা সম্বন্ধে সকলো কথা প্ৰধান মন্ত্ৰীয়ে জনাবলৈ ৰাহুল গান্ধী কোন?
তেওঁৰ স্মৃতিয়ো শক্তি ক্ষীণ নাইবা বুৰঞ্জীৰ জ্ঞান একেবাৰে নাই। তেওঁৰেই পিতামহ – পূৰ্বৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভাৰতৰ এভাগ পাকিস্তানক আৰু এভাগ চীনক উপহাৰ দি থৈছে – সেই কথা ৰাহুল গান্ধীয়ে নাজানে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ ধংসৰ কাৰণ- শ্ৰীমান ৰাহুল গান্ধী।
প্ৰিয়ংকা গান্ধীঃ প্ৰিয়ংকা গান্ধীৰ বিষয়ে ইমানকে ক’ব পাৰি যে ভাৰতীয় ৰাজনীতিত প্ৰিয়ংকা গান্ধী এডাল ওফৰা জেং। তেওঁ সততে চকুৰাখে – ক’ত জেং লগাব পাৰি। তাৰ উদাহৰণ হৈছে – লক ডাউনৰ সময়ছোৱাত মানুহৰ যাতায়তৰ বাবে উত্তৰ প্ৰদেশত যোগান ধৰা বাছৰ নামত টেম্পো, স্কুটাৰ, এম্বুলেঞ্চ আদিৰ নাটকখন।
এইবোৰ দেখি শুনি বৰ্তমান ভাৰতৰ সৰ্ব সাধাৰণৰ প্ৰশ্ন হৈছে – হু আৰ ছোনিয়া, ৰাহুল এণ্ড প্ৰিয়ংকা গান্ধী?

আৰ কে বেজবৰুৱা, তেজপুৰ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here