এইবাৰৰ স্বাধীনতা দিৱস স্মৰণীয় কৰি ৰখাৰ আহ্বান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

8

এইবাৰৰ স্বাধীনতা দিৱস স্মৰণীয় কৰি ৰখাৰ আহ্বান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

এইবাৰ ত্ৰিৰংগা তিনি দিনলৈ উৰিব, অৰ্থাৎ অমৃত মহোৎসৱ এদিনৰ বাবে নহ’য় তিনি দিনীয়াকৈ উদযাপন কৰা হ’ব বুলি উল্লেখ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ। ভাৰতৰ ত্ৰিৰংগাক সন্মান দিয়াটো আমি ভাৰতীয়ৰ দায়িত্ব। বিশেষকৈ ১৫ আগষ্টৰ দিনা সকলোৱে ভাৰতীয় পতাকা উত্তোলন কৰাটো আৰু সন্মান জনোৱাটো এক কৰ্তব্য। এই বছৰৰ ৭৫ বৰ্ষীয়া স্বাধীনতা দিৱসটো স্মৰণীয় কৰি ৰখাৰ হেতু চৰকাৰে হাতত লোৱা অমৃত মহোৎসৱত দেশৰ জনগণই একোডালকৈ গছপুলি ৰোপণ যাক নাম দিয়া হৈছে অমৃত বৃক্ষ আৰু হৰ ঘৰ ত্ৰিৰঙ্গা কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচী সম্পৰ্কত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ভাৰতীয় পতাকাক সন্মান দিয়াটো দেশবাসীৰ কৰ্তব্য। জনগণই নিজৰ অধিকাৰ পাহৰি নোযোৱাৰ দৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পাহৰি যাব নালাগে। এই বছৰৰ হৰ ঘৰ ত্ৰিৰঙ্গা উপলক্ষে স্থানীয় দোকান-পহাৰসমূহত ১৮ টকা মূল্যত পতাকা উপলব্ধ হ’ব। যিহেতু প্ৰত্যেকৰ ঘৰে ঘৰে ত্ৰিৰঙ্গা উৰুৱাটো বাধ্যতামূলক, আমি কিনিব কিয় লগে আমি ঘৰতে পতাকা তৈয়াৰ কৰি ল’ব পাৰো বুলি মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ। লগতে পূর্বৱৰ্তী বৰ্ষসমূহত যেনেদৰে এদিনৰ বাবেহে আনুষ্ঠানিক কাৰ্যালয়, বিদ্যালয়সমূহত পতাকা উত্তোলন কৰিছিল আৰু আবেলি বেলি ডুব যোৱা পিছত নমাই থোৱাৰ নিয়ম আছিল, কিন্তু তাৰ পৰিৱৰ্তে এইবাৰ প্ৰত্যক ঘৰে ঘৰে তিনি দিনৰ বাবে পতাকা উৰুৱাব লাগিব বুলি নিৰ্দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীৰ।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here