এইবছৰ কামাখ্যা ধামত নহয় অম্বুবাচী মেলা

0
337
kamakhya temple

এইবছৰ কামাখ্যা ধামত নহয় অম্বুবাচী মেলা

কৰ’না ভাইৰাছ সংক্ৰমণে সমগ্ৰ বিশ্বৰ লগতে ভাৰতটো ভয়াবহ ৰূপ লৈছে যাৰ বাবে ভাৰতৰ আগশাৰীৰ প্ৰায়ভাগ 
অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদ্যোক্তাই। সমগ্ৰ বিশ্বতে নৰ সংহাৰী ৰূপ লোৱাৰ  সময়তে বুধবাৰে কামাখ্যা দেৱালয়ৰ দলৈসকলৰ মাজত অনুষ্ঠিত সভাত এইবাৰ অম্বুবাচী মেলা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৱশ্যে ধৰ্মীয় ৰীতি-নীতিৰে পূজা কাৰ্য সমাপন কৰা হ’ব।
বৃহস্পতিবাৰে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিত পেগুক আনুষ্ঠানিকভাৱে জনাব মন্দিৰ পৰিচালনা কমিটীয়ে। অম্বুবাচীৰ সময়ত কেৱল ধর্মীয় ৰীতি-নীতিৰে দেৱীৰ পূজা–অৰ্চনা কৰিব। আৰু সকলোৱে বৰ্তাই ৰাখিব সামাজিক দূৰত্ব।জুন মাহৰ ২২ তাৰিখৰ পৰা হোৱা কথা আছিল অম্বুবাচী মেলা।লকডাউন আৰু পৰিস্হিতিলৈ চাই জনসমাগমৰ বাবে বাতিলৰ সিদ্ধান্ত মন্দিৰ কৰ্তৃপক্ষৰ৷ লকডাউনৰ পূৰ্বৰে পৰা কামাখ্যা মন্দিৰ বন্ধ হৈ আছে।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here