ঋতুৰ পৰিবৰ্তনঃ শাঠ আৰু অম্বুবাচী

0
95

ঋতুৰ পৰিবৰ্তনঃ শাঠ আৰু অম্বুবাচী

পৃথিৱীৰ ঘূৰ্ণন গতিয়ে পৃথিৱীলৈ ঋতুৰ পৰিবৰ্তন আনে। মহাজাগতিক গতিৰ প্ৰভাৱত, সূৰ্য যেতিয়া মিঠুন ৰাশিৰ আদ্ৰা নক্ষত্ৰত অৱস্থান গ্ৰহণ কৰে তেতিয়াৰ পৰা ভাৰতৰ পূৰ্বাঞ্চল তথা অসমত বৰ্ষা ঋতুৰ আগমন ঘটে। বৰ্ষা ঋতু হৈছে প্ৰকৃতিৰ বাবে শষ্য আৰু ফল-ফুল ধাৰণৰ সময়। যিহেতু পৃথিৱীৰ বুকুতে আমাৰ জীৱন ধাৰণৰ সমস্ত উপকৰণ উপলব্ধ, সেই বাবেই প্ৰচীন কালৰ পৰাই পৃথিৱীক আমি মাতৃ ৰূপত উপস্থাপন কৰি আহিছোঁ। সেই ফালৰ পৰা আই বসুমতী এজনী নাৰীৰ দৰেই। ঋতুস্নান হৈছে নাৰীৰ গৰ্ভধাৰণ বা ফল প্ৰাপ্তি তথা সন্তান উৎপাদনৰ প্ৰথম প্ৰস্তুতি আৰু উপযুক্ত সময়। নাৰী বাৰটা ঋতু চক্ৰত ঋতুমতী হয়, সেই সময় নাৰীৰ ক্ষেত্ৰত বছৰত বাৰ বাৰ আহে। 
সেইদৰে আহাৰ মাহ হৈছে প্ৰকৃতিৰ ফল প্ৰাপ্তিৰ বাবে আটাইতকৈ দৰকাৰী আৰু উপযুক্ত বৰ্ষাকালীন সময়। সেই সময়ত পৃথিৱীত শষ্যৰ প্ৰস্তুতি চলে। এই ঋতুৰ আগমন বছৰত এবাৰেই হয়। সেই বাবে পৃথিৱী বছৰত এবাৰকৈ ঋতুমতী বা ৰজস্বলা হয় আৰু পৰৱৰ্তী কালত শষ্য ধাৰণৰ বাবে নিজকে প্ৰস্তুত কৰি তোলে। এয়াই শাঠ আৰু অম্বুবাচীৰ অন্তৰ্নিহিত সত্য। তাক প্ৰতিপন্ন কৰিবলৈ অৱশ্যে বিভিন্ন পৌৰাণিক কাহিনী সংপৃক্ত কৰা হৈছে। বিজ্ঞানৰ যিমানেই অগ্ৰগতি নহওক, বিজ্ঞানে যিমানেই ডাঙৰ ডাঙৰ আবিস্কাৰ নকৰক কিয়, প্ৰকৃতিৰ গূঢ় ৰহস্য আজিয়ো উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই। তাৰ পৰিপ্ৰেক্ষিততে আজিয়ো মানুহে প্ৰকৃতিক পূজা কৰি আহিছে। এই শাঠ আৰু অম্বুবাচীও এক প্ৰাকৃতিক পূজা বুলি আমি গণ্য কৰি আহিছোঁ।
                আহাৰ মাহৰ তৃতীয় পদ শেষ হৈ চতুৰ্থ পদ আৰম্ভ হোৱাৰ লগে লগে অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হয়। তাৰ ঠিক সাত দিন আগতেই শাঠ আৰম্ভ হয়। বৰ্ষা ঋতুৰ আগমনৰ লগে লগে পৃথিৱীয়ে শষ্য সৃষ্টিৰ বাবে নিজকে প্ৰস্তুত কৰি তোলে। তাৰ পূৰ্ব প্ৰস্তুতি হিচাপে আমাৰ অসমত নাৰী সকলে কিছুমান নিয়ম নীতি দূৰ অতীতৰ পৰায়েই পালন কৰি আহিছে। এইবোৰ কেতিয়াৰ পৰা প্ৰচলিত হৈ আহিছে তাৰো কোনো প্ৰকৃত ইতিহাস নাই। হয়তো কালিকাপুৰাণ, যোগিনীতন্ত্ৰই কিছু সাখ্য বহন কৰিব পাৰে। শাঠ উপলক্ষে তিনি বা পাঁচগৰাকী মাতৃয়ে নদী অথবা পুখুৰীত ডুব মাৰি মাটি তুলি আনে। সেই মাটি এখন পীড়াত মঁচি কাচি এটা ভেঁটি তৈয়াৰ কৰি লয়। তাতে বুট মাহ, ধান আৰু সৰিয়হ সিঁচে। তাৰ পিছত তেওঁলোকে প্ৰতিদিনে তাত পানী দিয়ে আৰু নাম প্ৰসঙ্গ কৰে। এইদৰেই সাত দিন প্ৰতীক্ষা কৰাৰ পিছত শষ্য বোৰ অঙ্কুৰিত হয়। এয়া ভৱিষ্যতৰ পথাৰখন শষ্যশালী হোৱাৰ ইঙ্গিত। যদিহে কিবা কাৰণত শষ্যৰ অঙ্কুৰণ নঘটে, তেন্তে সেয়া ভৱিষ্যতৰ পথাৰ শষ্য সম্ভৱা নোহোৱাৰ সংকেত। যিয়েই হওক, সাত দিনৰ দিনা একে কেইজনী মাতৃয়ে পীড়াত ৰখা মাটিৰ ভেঁটিটো পানীত ডুব মাৰি অঁতাই দিয়ে।
প্ৰবাদ মতে সিদিনাৰ পৰাই বসুমতী ঋতুমতী হয়। নাৰী ঋতুমতী হোৱাৰ দৰেই ধৰিত্ৰীয়ো চাৰিদিনলৈ অসূচী হয়। এই চাৰিদিনত কোনো মাংগলিক অনুষ্ঠান কৰিলে বাঞ্চিত ফল পোৱা নাযায়। ইয়াৰ উপৰিয়ো এই কেইদিনত হাল বোৱা, মাটি খন্দা, গছৰ পৰা ফল চিঙা, ভঁৰালৰ পৰা ধান উলিওৱা, কাপোৰৰ বাকচ খোলা আদি নিষিদ্ধ। 
যিসকল মহিলাৰ স্বামী ঢুকাইছে আৰু যাৰ পিতৃ-মাতৃৰ বিয়োগ হৈছে, তেওঁলোকে অম্বুবাচীৰ চাৰিদিন ভাত নাখায়। আম, কঁঠাল, আনাৰস, লেটেকু পনিয়ল আদি ফল-মূল আৰু এৱাঁ গাখীৰ খাই ব্ৰত পালন কৰে। পৰাপক্ষত মাটিত এই তিনিটা দিন মাটিত ভৰি নিদিয়ে। শাস্ত্ৰ অনুসৰি, দাক্ষায়ণী সতীয়ে পিতৃ দক্ষৰ যজ্ঞত প্ৰাণ আহুতি দিয়াৰ পিছত মহাদেৱে কান্ধত সতীৰ দেহ লৈ বৈৰাগী হৈছিল । বিষ্ণুৰ আদেশ মানি সুদৰ্শন চক্ৰই সতীৰ দেহ কাটি গৈ আছিল। সতীৰ শৰীৰৰ বিভিন্ন অংগ পৰা ঠাইত একোখন মহা তীৰ্থ গঢ়ি উঠিছে। প্ৰবাদ মতে, সতীৰ যোণি কামৰূপৰ নীল পৰ্বতত পতিত হয়। অংগ পতিত হৈয়েই পৃথিৱীৰ গভীৰলৈ বহি যায়। তাত জল কুন্দৰ সৃষ্টি হয় আৰু যোণি শিলিভূত হয়। তাতেই যোণি ৰূপত কামাখ্যা দেৱীয়ে বাস কৰিবলৈ ল’লে। প্ৰবাদ অনুসৰি কামাখ্যা দেৱীৰ যোণি থকা কুন্দৰ পানী সেই তিনিটা দিনত ৰঙা হৈ পৰে। এয়া ৰজস্বলা হোৱাৰ সংকেত। সেই বাবেই ৰীতি অনুসৰি তিনিদিন মন্দিৰৰ কঁপাট বন্ধ কৰি দিয়া হয় আৰু পূজা অৰ্চনা অনুষ্ঠিত নহয়। 
দেশ বিদেশৰ বিভিন্ন ভক্ত, দৰ্শনাৰ্থী, সন্যাসী, যোগ সাধক, তন্ত্ৰ সাধক আদিয়ে কামাখ্যা মন্দিৰত আহি ভীৰ কৰে। সেই সময়ত কৰা দেৱীৰ দৰ্শন অতি ফলপ্ৰসূ। যদিয়ো বসুমতী ৰজস্বলা হোৱাৰ কথা বিভিন্ন শাস্ত্ৰত উল্লেখ কৰা হৈছে, পৰৱৰ্তী সময়ত তাৰ লগত তান্ত্ৰিক যোণি দেৱী কামাখ্যাকো সংপৃক্ত কৰা হৈছে। যিহেতু বসুমতী নাৰী আৰু যোণি সৃষ্টিৰ পথ, সেয়েহে দুয়োকে পৰিপূৰক হিচাপে মানি অহা হৈছে। অৱশ্যে, এই ধাৰা কেতিয়াৰ পৰা কেনেকৈ প্ৰচলিত হৈ আহিছে, তাৰো কোনো ইতিহাস নাই। কিন্তু অম্বুবাচী কামাখ্যা মন্দিৰত পালন কৰা হয়। তাতেই প্ৰবৃত্তি আৰু নিবৃত্তি নিৰ্ণয় কৰা হয়। চাৰি দিনৰ দিনা দেৱীৰ নিবৃত্তি। সেয়ে চতুৰ্থ দিনা দেৱীক স্নান কৰাই, নৱ বস্ত্ৰ পৰিধান কৰাই দৰ্শকৰ বাবে মন্দিৰৰ কঁপাট উন্মোচিত কৰা হয়। থুল-মুলকৈ এয়াই শাঠ আৰু অম্বুবাচীৰ কথা। কিন্তু তাৰ লগতে এয়াও সত্য যে শাস্ত্ৰৰ গূঢ় ৰহস্য ভেদ কৰা সকলোৰে বাবে সম্ভৱ নহয়। আমি মাত্ৰ ভক্তি সহকাৰে তাক পৰম্পৰা হিচাপে মানি আহিছোঁ। 
আৰ কে বেজবৰুৱা, তেজপুৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here