উৰিয়ামঘাটৰ P, M,G,S,Y ৰাস্তাত ডাম্পাৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰিলে ৰাইজে 

0
92

উৰিয়ামঘাটৰ P, M,G,S,Y ৰাস্তাত ডাম্পাৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰিলে ৰাইজে 

ধনশিৰি মহকুমাৰ অন্তৰ্গত উৰিয়ামঘাট সীমান্ত অঞ্চলৰ পথসমূহ সম্পুৰ্ণৰূপে বিধস্ত হৈ গৈছে । দীৰ্ঘদিন ধৰি ধনশিৰি মহকুমাৰ পথ সমূহ নিৰ্মান আৰু মেৰামতি নকৰা ফলত পথসমূহ মৰণ ফান্দলৈ পৰিনত হ’ল । সকলো বোৰ ৰাস্তাতে দঁ দঁ পুখুৰী সদৃশ গাতলৈ পৰিনত হৈছে । যাতায়তৰ বাবে জীয়াতু ভুগিছে জনসাধাৰণ ৰাইজ। প্ৰতিদিনেই ৰাস্তা নিৰ্মাণৰ কাৰণে মাত মাতি অহা ৰাইজৰ অৱশেষত ধৈৰ্য্যৰ সীমা পাৰ হল গ’ল ।আৰু বন্ধ কৰি দিলে ডাম্পাৰ চলাচল। উৰিয়ামঘাটৰ চিলনীজান বাসী ৰাইজে ক্ষোভিত হৈ ধনশিৰি মহকুমা প্ৰশাসনৰ অনুমতি সাপেক্ষে গাওঁবুঢ়াকে ধৰি বহু কেইটা সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতিত উৰিয়ামঘাট, ধনতোলা, শিলনীজান হৈ দয়ালপুৰ অভিমুখে যোৱা ৰাস্তাটোত সম্পুৰ্ণ ৰূপে ডাম্পাৰ চলাচল বন্ধ কৰি দিয়ে ৰাইজ সকলে । প্ৰতিদিনে শ শ শীল ভৰ্তি ডাম্পাৰ অহা যোৱা কৰাৰ ফলত ৰাস্তাটো বিধস্ত হৈ পৰিছে । তথাপিও স্থানীয় বিধায়ক, চৰকাৰ তথা বিভাগীয় কতৃপক্ষ কাৰোৰে কান সাৰ নাই । সেয়েহে সকলো ৰাইজ মিলি এই সিদ্ধান্ত লয়।

https://youtu.be/Dl6ww_9P2rw

Aditi Bora, Sarupathar Golaghat, Ne India News.

LEAVE A REPLY

Please enter your comment!
Please enter your name here