উৰণৰ সময়তেই ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান

0
87

উৰণৰ সময়তেই ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান

বিমান বন্দৰৰ ৰাণৱেত উৰিবলৈ বুলি গতি লোৱাৰ সময়তে ব্ৰাজিলত সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা।

ৰাণৱেৰে উৰিব লওতে বিমান খনে উৰাৰ সলনি পোনে পোনে গৈ খুন্দা মাৰিলে ৰাণৱেৰ একেবাৰে শেষত থকা দেৱাল।তাৰপিছতেই দাউ দাউকৈ জ্বলি উঠে বিমান খন।বিমান বন্দৰত থকা উদ্ধাৰকাৰীৰ দলে বিমান খনত থকা যাত্ৰীসকলক উদ্ধাৰ কৰিব আহিছিল যদিও বিমান খনত থকা যাত্ৰীসকলক চানি ধৰিছিল জুইৰ লেলিহান শিখাই।
বিমান খনত থকা চাৰি গৰাকী খেলুৱৈৰ লগতে তেওঁলোকৰ ক্লাবৰ প্ৰেচডেণ্টৰ লগতে পাঁচজন লোকৰ মৃত্যু ঘটে।ব্ৰাজিলৰ পালমাছ ফুটবল দলটোৰ খেলুৱৈ কেইজনে গইয়ানিয়া অভিমুখে যাত্ৰা কৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো।
News Desk Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here