উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জগদ্বীপ ধনখড়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

9

উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জগদ্বীপ ধনখড়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

উপৰাষ্ট্ৰপতি নিৰ্বাচন ২০২২ ৰ NDA ৰ প্ৰক্ষেপিত প্ৰাৰ্থী জগদ্বীপ ধনখড়ে । মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডি আৰু ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙ সহ বিজেপিৰ কেবাগৰাকীও জেষ্ঠ্য নেতা ।
উল্লেখ্য যে ৰবিবাৰে পশ্চিম বংগৰ ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰিছিল জগদ্বীপ ধনখড়ে । মণিপুৰৰ বৰ্তমানৰ ৰাজ্যপাল লা গণেশনক অতিৰিক্ত ভাৰ অৰ্পন কৰা পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে ।
৭১ বৰ্ষীয় উপৰাষ্ট্ৰপতি পদৰ NDA ৰ প্ৰক্ষেপিত প্ৰাৰ্থী জগদ্বীপ ধনখড় পেচাত এগৰাকী অধিবক্তা আছিল ।
১৯৮৯ চনত ৰাজনৈতিক ক্ষেত্ৰত খোজ পেলাইছিল জগদ্বীপ ধনখড়ে । ৰাজস্থানৰ ঝুনঝুনু লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰথমবাৰ নিৰ্বাচনতে বিজয়ী হৈছিল । ১৯৯০ চনত চন্দ্ৰশেখৰ চৰকাৰত কেন্দ্ৰীয় মন্ত্ৰীৰ পদ লাভ কৰিছিল ।
জুলাই ২০১৯ ত , জগদ্বীপ ধনখড়ে পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ।
৬ আগষ্টত অনুষ্ঠিত হব উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন ।

National Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here