উদয়পুৰৰ মৰ্মান্তিক ঘটনাৰ পাকিস্থানী লিংক ! তদন্তৰ বাবে উপস্থিত NIA

11

উদয়পুৰৰ মৰ্মান্তিক ঘটনাৰ পাকিস্থানী লিংক ! তদন্তৰ বাবে উপস্থিত NIA

মানৱতাক ভুলুণ্ঠিত কৰা এক ঘটনা । ৰাজস্থানৰ উদয়পুৰত মঙলবাৰে দুটা ধৰ্মান্ধই প্ৰাণ ললে এগৰাকী দৰ্জীৰ । ধৰ্মকে সৰ্ব্বোচ্চ জ্ঞান কৰা দুটা মানুহৰুপী দানৱে ডিঙি কাটি হত্যা কৰিলে কানহাইয়া নাম ব্যক্তিগৰাকীক ।
মঙলবাৰে দুপৰীয়া প্ৰায় তিনিবজাত সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনাটো ।

মঙলবাৰে কাপোৰৰ জোখ দিয়াৰ চলেৰে উদয়পুৰৰ বজাৰস্থিত Supreame Tailor ত উপস্থিত দুই মুছলমান যুৱক মহম্মদ ৰিয়াজ আৰু মহম্মদ গৌছ । কাপোৰৰ জোখ লৈ কানহাইয়াই বহীত লিখি থকা অৱস্থাত দুই কাপুৰুষৰ এটা মহম্মদ ৰিয়াজে পিচফালৰ চোকা অস্ত্ৰ ডিঙিত ঘপিয়াই । ৰিয়াজে উপৰ্যপুৰি আক্ৰমণ কৰে কানহাইয়াক । চিৎকাৰ , আৰ্তনাদ কৰি থাকে কানহাইয়াই । আনফালে এই সমগ্ৰ দৃশ্য মবাইল কেমেৰাত বন্দী কৰি থাকে আন এটা দানৱ মহম্মদ গৌছে । তাৰপিচতে কানহাইয়াৰ নিথৰ দেহ পেলাই থৈ পলায়ন কৰে দুই দানৱে ।

কানহাইয়াৰ অপৰাধ কি আছিল ?? কানহাইয়াৰ ৮ বছৰীয়া পুত্ৰ বিজেপিৰ প্ৰাক্তন প্ৰবক্তা নুপুৰ শৰ্মাৰ শেহতীয়া এক মন্তব্যক সমৰ্থন কৰি লিখা এটা পোষ্ট শ্বেয়াৰ কৰিছিল চচিয়েল মিডিয়াত । তাৰপিচতে ১৭ জুনত মহম্মদ ৰিয়াজে কানহাইয়াক ভাবুকি প্ৰদান কৰে । কানহাইয়াক হত্যা কৰা হব বুলি মুকলিকৈ মন্তব্য কৰি সেই ভিডিও whatsapp গ্ৰুপত প্ৰচাৰ কৰে ।
সেই ভাবুকিৰ কথা কানহাইয়াই আৰক্ষীক অৱগত কৰিছিল যদিও কংগ্ৰেছৰ গেহলট চৰকাৰৰ আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰিলে । তাৰপিচতে মঙলবাৰে সংঘটিত হল এই মৰ্মান্তিক ঘটনা ।

হত্যাকাণ্ড সংঘটিত হোৱাৰ পিচতহে গা লৰিল ৰাজস্থান আৰক্ষীৰ , লগে লগে অভিযান আৰম্ভ কৰি কৰায়ত্ব কৰে দুই দানৱ মহম্মদ ৰিয়াজ আৰু মহম্মদ গৌচক । ঘটনা সংঘটিত হোৱাৰ পিচতে উত্তপ্ত হৈ উঠে উদয়পুৰ সহ সমীপৰ চহৰ সমুহত । প্ৰশাসনে সাম্প্ৰদায়িক সংঘৰ্ষৰ উমান পাই জাৰি কৰে ১৪৪ ধাৰা । ইয়াৰ পিচতো তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে উদয়পুৰত ।

ধৰ্মৰ নামত পাগল , ধৰ্মৰ বাবে মানুহৰ প্ৰাণ কাঢ়ি লবলৈ কুণ্ঠাবোধ নকৰা এই সকল দানৱ কাৰ বলত বলিয়ান হৈছে । ‘শ্বৰ টন চে জুদা ‘ শ্লোগাণ মুকলিকৈ দি ফুৰা ধৰ্মান্ধবোৰক শাস্তি দিবলৈ অপাৰগ কিয় আৰক্ষী । চৰকাৰ সমুহে আৰু কিমান তুষ্টিকৰণৰ ৰাজনীতি কৰিব ।
শেহতীয়া খবৰ অনুসৰি , এই সমগ্ৰ ঘটনাত পাকিস্থানী লিংক পোহৰলৈ আহিছে । ইতিমধ্যে NIA দল উদয়পুৰত উপস্থিত হৈছে ।

Bureau reports, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here