উদয়পুৰৰ ঘটনাক লৈ BJP ৰ সংবাদমেল ! মুখ্যমন্ত্ৰী গেহলটৰ পদত্যাগৰ দাবী
ৰাজস্থানৰ উদয়পুৰত মঙলবাৰে দুপৰীয়া সংঘটিত হোৱা মৰ্মান্তিক ঘটনাক লৈ সংবাদমেল বিজেপিৰ । কানহাইয়ালাল নাম এগৰাকী দৰ্জীক নিৰ্মম ভাৱে ডিঙি ৰেপি হত্যা কৰিছিল দুই হত্যাকাৰী ৰিয়াজ মহম্মদ আৰু মহম্মদ গৌচে ।
এই নিৰ্মম ঘটনাক লৈ বুধবাৰে এক সংবাদমেলৰ জৰিয়তে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ দাবী কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰে । উদয়পুৰৰ ঘটনাক সন্ত্ৰাসবাদী আক্ৰমণ বুলি মন্তব্য সিঙৰ । ৰাজস্থানৰ কংগ্ৰেছী চৰকাৰ খনে কেৱল মাত্ৰ তুষ্টিকৰণৰ ৰাজনীতিহে কৰি আহিছে । এটা বিশেষ ধৰ্মক সকলো পিনৰে পৰা বিশেষ সুবিধা প্ৰদান কৰা হয় । ৰাজস্থানত বেলেগ বেলেগ ধৰ্মৰ বাবে বেলেগ বেলেগ আইন । মঙলবাৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ৰাজ্যচৰকাৰ দায়ী বুলি মন্তব্য ৰাজ্যবৰ্ধন সিং ৰাথোৰৰ । ৰাজস্থানত সন্ত্ৰাসবাদী সংগঠন সমুহৰ বাবে সুবিধাৰ স্থান হৈ পৰিছে , ৰাজ্য চৰকাৰ খনৰ প্ৰত্যক্ষ বা পৰোক্ষ সহযোগীতাত এই সংগঠন সমুহে নিজ শক্তি বৃদ্ধি কৰি আহিছে ।
কানহাইয়ালাল সম্পৰ্কত গুৰুত্বপুৰ্ণ বিযয় ডাঙি ধৰে মন্ত্ৰীগৰাকীয়ে । যেতিয়া মহম্মদ ৰিয়াজে দিয়া ভাবুকি সম্পৰ্কত কানহাইয়ালালে আৰক্ষীক অভিযোগ দিছিল , আৰক্ষীয়ে মহম্মদ ৰিয়াজৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলৈ ,কানহাইয়ালালক হে লকআপত সোমাই থৈছিল ৰাজস্থান আৰক্ষীয়ে । লগতে ৰাজ্যবৰ্ধন সিঙ ৰাথোৰে কয় , কানহাইয়ালালক লক আপত বন্দী কৰি মহম্মদ ৰিয়াজৰ ভ্ৰাতৃসকলক আৰক্ষীৰ নিৰাপত্তা প্ৰদান কৰিছিল আৰক্ষীয়ে ।
নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি অশোক গেহলটে পদত্যাগ কৰক , অন্যথা নিজৰ দায়িত্ব সুচাৰুপে পালন কৰক বুলি মন্তব্য ৰাজ্যবৰ্ধন সিং ৰাথোৰৰ । সমাজত সৌহাৰ্দ অটুট ৰখাৰ বাবে সকলো ধৰ্মৰ লোককে আহব্বান জনাইছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যবৰ্ধন সিঙ ৰাথোৰে ।
News Desk, Ne India News