উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পুত্ৰই অসম মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ অনুদান
বিগত কেইবাদিনো ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে সমগ্ৰ ৰাজ্যত। বান পীড়িত অসমলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সহায়ৰ হাত আগবঢ়াইছে বিভিন্নজনে। বলীউডৰ তাৰকাৰ পৰা ধৰ্মগুৰি দালাই লামলৈকে সকলোৱে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে। দেশত যিকোনো বিপদ হ’লে সহায়ৰ হাত আগবঢ়াবলৈ পিছ পৰি নাথাকে দেশৰ আটাইতকৈ ধনী ব্যক্তি তথা উদ্যোগপতি মুকেশ আম্বানী। বান বিধ্বস্ত অসমৰ এই বিপদকালতো সহায়ৰ হাত আগবঢ়াইছে আম্বানী পৰিয়ালে। অসমৰ বানপীড়িত লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পুত্ৰ অনন্ত আম্বানীয়ে। অসম মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকা দান কৰিছে মুকেশ আম্বানী আৰু তেওঁৰ পুত্ৰ অনন্ত আম্বানীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এইকথা প্ৰকাশ কৰিছে।
News desk, Ne India News