উদ্ধৱ ঠাকৰেৰ আন এক পৰাজয়
আজি মহাৰাষ্ট্ৰ বিধানসভাত অনুষ্ঠিত হৈছিল অধ্যক্ষ পদৰ নিৰ্বাচন । মহাবিকাশ আঘাৰী পক্ষৰ পৰা ৰাজন চালবীক অধ্যক্ষ পদৰ প্ৰাৰ্থী ৰুপে প্ৰক্ষেপ কৰা হৈছিল । আনহাতে সিন্ধে তথা বিজেপি গোটৰ পক্ষৰ পৰা ৰাহুল নাৰ্বেকাৰক প্ৰাৰ্থী ৰুপে প্ৰক্ষেপ কৰা হৈছিল ।
বিধানসভাত প্ৰথমে ধ্বনি মতেৰে ভোটদান হৈছিল যদিও বিৰোধী মহাবিকাশ আঘাৰীৰ পক্ষৰ পৰা আপত্তি দৰ্শোৱাত পুনৰ মুৰৰ গণনাৰে ভোটদান কৰাবলৈ নিৰ্দেশ দিয়ে উপ-অধ্যক্ষই ।
ভোটপ্ৰক্ৰিয়া সংখ্যাগৰিষ্টতাৰ বাবে প্ৰয়োজন আছিল ১৪৫ টা ভোটৰ । মহাবিকাশ আঘাৰীৰ ৰাজন চালবীয়ে লাভ কৰে ১০৭ টা ভোট । আনহাতে বিজেপিৰ ৰাহুল নাৰ্বেকাৰে ১৬৪ টা ভোট লাভ কৰি অধ্যক্ষ পদৰ বাবে নিৰ্বাচিত হয় ।
উদ্ধৱ ঠাকৰেক ক্ষমাতাচ্যুত কৰাৰ পিচত এয়া একনাথ সিন্ধে , বিজেপিৰ দ্বিতীয়টো জয় । দুদিনীয়া অনুষ্ঠিত হোৱা মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিবেশনৰ প্ৰথমটো দিনতে একনাথ সিন্ধে , বিজেপিয়ে অধ্যক্ষ পদৰ জয়লাভেৰে , জয়লাভাৰ ধাৰাবাহিকতা ৰক্ষা কৰিলে । অধিবেশনৰ দ্বীতিয়টো দিন অৰ্থাৎ কাইলৈ বিধানসভাত নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব মুখ্যমন্ত্ৰী একনাথ সিন্ধেই । ফ্লোৰ টেষ্টত উদ্ধৱ ঠাকৰেৰ শিৱসেনাৰ , কংগ্ৰেছ , NCP ৰ একাংশই সিন্ধেৰ পক্ষত ভোট দিব নেকি ? মহাৰাষ্ট্ৰৰ ৰাজনীতিত অব্যাহত থকা এই গুজৱৰ সত্যতা কিমান , এয়া জানিব পৰা যাব সোমবাৰে , মহাৰাষ্ট্ৰ বিধানসভাৰ মজিয়াত ।
National Desk, Ne India News