Saturday, March 18, 2023
HomeAssameseউত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ দুৰ্ঘটনাৰ পৰা কথামপি ৰক্ষা

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ দুৰ্ঘটনাৰ পৰা কথামপি ৰক্ষা

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ দুৰ্ঘটনাৰ পৰা কথামপি ৰক্ষা

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ভ্ৰমণ কৰা হেলিকপ্তাৰ দুৰ্ঘটনাৰ পৰা কথামপি ৰক্ষা পৰিছে । আজি পুৱা প্ৰায় ১০ বজাত সংঘটিত হৈছে এই ঘটনা । বেনাৰসত এক উচ্চস্তৰীয় বৈঠকত ভাগ লৈ উভতাৰ পথত সংঘটিত হৈছে এই ঘটনা । বেনাৰসৰ সমীপৰ এখন খেলপথাৰত জৰুৰী অৱতৰণ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উঠি অহা হেলিকপ্তাৰৰ । প্ৰাৰম্ভিক তথ্য মতে , মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উঠি অহা হেলিকপ্তাৰ খনত পক্ষীয়ে খুন্দা মৰাৰ ফলত হেলিকপ্তাৰ খনত যান্ত্ৰিক বিজুতিয়ে দেখা দিয়ে । তাৰপিচত জৰুৰী ভাৱে অৱতৰণ কৰোৱা হয় হেলিকপ্তাৰ খন । সামন্যতমো আঘাত নপোৱাকৈ সুস্ত শৰীৰে আছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ । এক বিশেষ বিমানেৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকী লক্ষ্ণোলৈ লৈ যোৱা হব ।

National Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments