উত্তৰ প্ৰদেশত অব্যাহত থাকিব বুলডজাৰ এক্সন ! SC ৰ সেউজ সংকেত
উত্তৰ প্ৰদেশ চৰকাৰৰ বুলডজাৰক ব্ৰেক লগাবলৈ উচ্চতম ন্যায়লয়ত আবেদন দাখিল কৰি মুখ ঠেকেচা খালে জমিয়ত উলেমা এ হিন্দে । বুলডজাৰৰে এক বিশেষ ধৰ্মীয় গোষ্টীক লক্ষ্য কৰি লোৱা হৈছে বুলি আবেদনত উল্লেখ কৰিছিল জমিয়তে ।
জমিয়তৰ আবেদনৰ সন্ধৰ্ভত উত্তৰ বিচৰা হৈছিল উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা । বুধবাৰে এই সন্ধৰ্ভত শুনানী গ্ৰহণ কৰে উচ্চতম ন্যায়লয়ে । উত্তৰ প্ৰদেশ চৰকাৰে হলফনামাৰ জৰিয়তে প্ৰকাশ কৰে যে , বুলডজাৰেৰে যি সমুহ কাৰ্য কৰা হৈছে সেইসমুহ আইন সন্মত । হলফনামাৰ জৰিয়তে উত্তৰ প্ৰদেশ চৰকাৰে কয় , অবৈধ নিৰ্মাণ সমুহ ধ্বংসৰ সময়ত নিৰ্ধাৰিত আইন মানি চলা হৈছে । অবৈধ নিৰ্মাণ আতৰাবলৈ প্ৰথমে জাননী প্ৰেৰণ কৰা হয় , সেই জাননী মতে অবৈধ নিৰ্মাণ আতৰ নকৰিলেহে বুলডজাৰ ব্যৱহাৰ কৰা হয় । এই ক্ষেত্ৰত কোনো ধৰণৰ আইন উলংঘন কৰা হোৱা নাই ।
উচ্চতম ন্যায়লয়ত শুনানীৰ সময়ত জমিয়তৰ পক্ষৰ অধিবক্তাই কয় , এক নিৰ্দিষ্ট ধৰ্মালম্বীক টাৰ্গেট কৰা হৈ আহিছে । ইয়াৰ উত্তৰত, উত্তৰ প্ৰদেশ চৰকাৰৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আপত্তি জনাই কয় , কোনো সম্প্ৰদায় ভিন্ন নহয় , সকলো এটা সম্প্ৰদায়ৰ , আৰু সেই সম্প্ৰদায়টো হৈছে ভাৰতীয় ।
উত্তৰ প্ৰদেশ চৰকাৰৰ বুলডজাৰ এক্সনৰ ক্ষেত্ৰত অন্তৰিম আদেশ ঘোষণা কৰিবলৈ অমান্তি হয় উচ্চতম ন্যায়লয় ।
পৰৱৰ্তী শুনানী গ্ৰহণ কৰা হব ১০ আগষ্টত ।
National Desk , Ne India News