উত্তৰ-পূৱত দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰাত সহমত ৰাজ্য চৰকাৰসমুহৰ

51

বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা এখন বৈঠকত অংশগ্রহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। উত্তৰ-পূৱৰ ৰাজ্য সমুহত দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰাৰ পৰামৰ্শ আগবঢ়ায়। আৰু এই পৰামৰ্শত সহমত আগবঢ়ায় উত্তৰ-পূৱৰ ৰাজ্য চৰকাৰ সমুহে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়াৰে পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো চৰকাৰী কাম-কাজ চৰকাৰী ভাষাত পৰিচালনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু অচিৰেই উত্তৰ-পূৱত ২২ হাজাৰ হিন্দী শিক্ষক নিযুক্তি দিয়াৰ কাম আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here