Wednesday, March 15, 2023
HomeAssameseউত্তৰ-পুৱ ভাৰতৰ এক বৃহৎ সমাৰোহ অম্বুবাচী মেলা

উত্তৰ-পুৱ ভাৰতৰ এক বৃহৎ সমাৰোহ অম্বুবাচী মেলা

উত্তৰ-পুৱ ভাৰতৰ এক বৃহৎ সমাৰোহ অম্বুবাচী মেলা

অম্বুবাচী মেলা হৈছে উত্তৰ-পুৱ ভাৰতৰ এক বৃহৎ সমাৰোহ। প্ৰতি বছৰে জুন মাহত গুৱাহাটীৰ কামাখ্যা মন্দিৰত আৰম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হয় অম্বুবাচী মেলা। আন আন বছৰৰ দৰে এই বেলিও যোৱা ২২ তাৰিখে অনুষ্ঠিত হোৱা অম্বুবাচী মেলা অহা ২৬ জুনলৈ অব্যাহত থাকিব। অম্বুবাচী মেলা হিন্দুধৰ্মী লোকসকলে কঠোৰ ধৰ্মীয় ৰীতি-নীতিৰে উদযাপন কৰে। জনবিশ্বাস ম’তে এই সময়ছোৱা মা কামাখ্যাৰ ৰজস্বলাৰ সময়। এই সময়ছোৱাত মা কামাখ্যাৰ দৰ্শন নিষিদ্ধ। সেয়েহে অম্বুবাচীৰ প্ৰবৃতিৰ দিনটোৰ পৰা তিনি দিনৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয়। আমাৰ পূৰ্বজ সকলে প্ৰায় ৫০০০ বছৰ আগৰ পৰা এই নিয়ম পালন কৰা বুলি অনুমান কৰা হৈছে। চতুর্থ দিনটোত নিবৃত্তিৰ দিনা ভক্ত সকলৰ বাবে মন্দিৰৰ দুৱাৰ খোলা হ’য়। অইন বৰ্ষৰ দৰে এইবাৰো এই অম্বুবাচীৰ সময়চোৱাত নীলাচলৰ বুকুত আগমন ঘটিছে অগনন ভক্তৰ। নাম-কীৰ্তনেৰে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই মন্দিৰৰ চৌপাশ মুখৰিত কৰি ৰাখিছে।
অম্বুবাচী সমাপ্ত হোৱাৰ দিনা ঘৰৰ সকলো সামগ্ৰী বাচন-বৰ্তন, কাপোৰ আদি ধুই শান্তি জল চুটিওৱা হ’য়। লগতে অম্বুবাচীৰ সময়চোৱাত কৃষিমূলক কাম-কাজসমূহ স্থগিত ৰখা হয়। ইয়াৰোপি ব্ৰাহ্মণ বিধৱাসকলে ৰন্ধা সামগ্ৰী খোৱাৰ পৰিৱৰ্তে কেৱল ফল-মূল আহাৰ হিচাপে গ্ৰহণ কৰে। কামাখ্যা ধামত অনুষ্ঠিত অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষৰক্ষা কৰাৰ লগতে অসমৰ পৰ্যটন ক্ষেত্ৰটো অৰিহণা যোগাই আহিছে।

News Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments