বিমান বন্দৰ নিৰ্মাণৰ বাবে কাচাৰৰ ডলু চাহ বাগিচাৰ ২৫০০ বিঘা ভূমিৰ চাহ গছ উচ্ছেদ অভিযানৰ প্ৰতিক্ৰিয়া অব্যাহত আছে উজনি অসমৰ ডুমডুমা, তালাপ আদি স্থানত।চাহ শ্ৰমিকৰ জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনি উন্নয়নৰ নামত চাহ বাগিচা উচ্ছেদ কৰি বিমানবন্দৰ নিৰ্মাণ কৰা চৰকাৰী সিদ্ধান্তক বিভিন্ন দল-সংগঠনে প্ৰতিবাদ জনোৱা দেখা গৈছে ।
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক সমিতিয়ে দেওবাৰে ডুমডুমা গান্ধী চকত প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন শ্লোগান দি ডুমডুমাৰ আকাশ বতাহ কপাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News