Wednesday, May 31, 2023
HomeAssameseউজনিত পুনৰ আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ যুৱক-যুৱতীৰ

উজনিত পুনৰ আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ যুৱক-যুৱতীৰ

ৰাজ্যত যুৱক-যুৱতীৰ আলফা স্বাধীনত যোগদান কৰা বাতৰিয়ে সংবাদ মাধ্যমত শিৰোনাম দখল কৰি থকাৰ মাজতে পুনৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ নিবাসী আলফাৰ পৰা ১৯৯৩ চনত আত্মসৰ্মপন কৰা সন্মিন নেওগৰ পুত্ৰ আৰু বোৱাৰী আলফা স্বাধীনত যোগদানৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে।

পৰিয়ালৰ ভাষ্য অনুসৰি যোৱা ইংৰাজী ৫মে দুপৰীয়াৰ পৰা সন্ধানহীন হৈ আছিল পুত্ৰ-বোৱাৰী
স্থানীয় কাকপথাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই পৰিয়ালৰ লোকক অৱগত কৰাত হে গম পায় বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে,পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে সন্দেহ কৰিছে যে পুত্ৰ আৰু বোৱাৰীয়ে আলফা স্বাধীনত যোগদান কৰিছে,সেয়ে পুত্ৰ আৰু বোৱাৰীক দেউতাকৰ লগতে মাতৃ তথা পৰিয়ালবৰ্গই কান্দোনত ভাগি পৰাৰ লগতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ পুত্ৰ আৰু বোৱাৰীক উভতাই পঠাবলৈ সংবাদমাধ্যমৰ আগত কাতৰ অনুৰোধ জনায়।

এতিয়া প্ৰশ্ন আলফা স্বাধীনৰ প্ৰতি কিয় ইমান আকৰ্ষিত হৈছে একাংশ যুৱক-যুৱতী? নে! চৰকাৰ কিম্বা সমাজ খনৰ প্ৰতি যুৱক-যুৱতী সকলে আস্থা হেৰুৱাই পেলাইছে?তাকেলৈ একাংশ সচেতন মহলক শংকিত কৰি পেলাইছে।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments