উচ্চ মাধ্যমিক পৰীক্ষাৰ বানিজ্য শাখাত ডুমডুমাৰ ছাত্ৰৰ তৃতীয় স্থান দখল
আজি ঘোষিত উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফলে তিনিচুকীয়া জিলা আৰু ডুমডুমালৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে | ডুমডুমাৰ নিখিল গুপ্তাই বানিজ্য শাখাত তৃতীয় স্থান লাভ কৰিছে | ডিগবৈৰ RD জুনিয়ৰ কলেজৰ ছাত্ৰ নিখিল ডুমডুমাৰ উচ্চামাটিৰ নিবাসী | ধলা হাই স্কুলৰ শিক্ষক নন্দলাল গুপ্তা আৰু মাতৃ সুনম গুপ্তাৰ পুত্ৰ নিখিলে ভবিষ্যতে চাৰ্টাৰ একাউন্টেট হোৱাৰ সপোন পুহি ৰাখিছে ৷