উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা
বহু প্ৰতীক্ষাৰ অন্তত ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ দিন। ২৭ জুন সোমবাৰে ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

শনিবাৰে পুৱা ১০.৫০ বজাত টুইটাৰযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰে এই কথা। এই কথা ঘোষণা কৰি মুখ্যমন্ত্রী গৰাকীয়ে পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে। এই বৰ্ষৰ পৰীক্ষাত অৱতীর্ণ হৈছিল ২,১৫,০২২ গৰাকী পৰীক্ষাৰ্থী। সোমবাৰে পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল।
News Desk, Ne India News