উচ্চতম ন্যায়ালয়ে স্থগিত কৰিলে কৃষি আইন
কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত তিনিখন কৃষি আইনৰ বিৰূদ্ধে ৪৮ দিন প্ৰতিবাদৰ অন্তত আন্দোলনকাৰী কৃষকৰ বৃহৎ জয়।
কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত তিনিখন কৃষি আইন উচ্চতম ন্যায়ালয়ে স্থগিত কৰিলে ।
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সৈতে বহু বাৰ আলোচনা হৈছিল যদিও সমাধান উলোৱা নাছিল।
আৰু কেন্দ্ৰই স্পষ্ট কৰি দিছিল যে কোনো কাৰণতে উঠাই নলয় কৃষি আইন কেৱল ইয়াৰ কিছু সংশোধনহে হব পাৰিব।
ৰায়দান অনুসৰি নতুন কৃষি আইন স্থগিত কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। এতিয়া কৃষি আইন বলৱৎ কৰিব নোৱাৰিব কেন্দ্ৰীয় চৰকাৰে।
ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে গঠন কৰিলে ৪ জনীয়া কমিটীয়ো। যি কমিটিয়ে পৰৱৰ্তী সময়ত এই আইনৰ ওপৰত বিচাৰ বিবেচনা কৰিব।
News Desk Ne India