উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ হিচাপে শপত ললে জাষ্টিছ UU Lalit য়ে
জাষ্টিছ উদয় উমেশ ললিতে দেশৰ ৪৯ সংখ্যক মুখ্য ন্যায়ধীশ হিচাপে শপত গ্ৰহণ কৰিলে । শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত জাষ্টিছ ইউ ইউ ললিতক মুখ্য ন্যায়ধীশ হিচাপে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে ।
জাষ্টিছ ইউ ইউ ললিতে জাষ্টিছ এন বি ৰমন্নাৰ স্থলাভিষক্ত হব । ২৬ আগষ্টত অৱসৰ গ্ৰহণ কৰিব জাষ্টিছ এন বি ৰমন্নাই ।
শুকুৰবাৰে অনুষ্টিত জাষ্টিছ এন বি ৰমন্নাৰ সন্মানৰ্থে অনুষ্ঠিত এক বিদায়ী অনুষ্ঠানত ভাষণ প্ৰদান কৰি নৱ নিযুক্ত মুখ্য ন্যায়ধীশ জাষ্টিছ ইউ ইউ ললিতে কয় , মুখ্য ন্যায়ধীশ হিচাপে তেওঁৰ ৭৪ দিনীয়া কাৰ্যকালত তেওঁ তিনিটা ক্ষেত্ৰত কাম কৰাৰ ইচ্চা আছে । তেওঁ কয় , উচ্চতম ন্যায়লয়ৰ সংবিধান পীঠে অতি কমেও ১ বছৰ কাম কৰা সুযোগ লাভ কৰাটো তেওঁ সুনিশ্চিত কৰাৰ প্ৰয়াস কৰিব । উচ্চতম ন্যায়লয়ৰ গোচৰ সমুহৰ শুনানী বাবে সুচীবদ্ধ কৰা আৰু গুৰুত্বপুৰ্ণ বিষয় সমুহক অগ্ৰাধিকাৰ দিয়া ।
জাষ্টিছ ইউ ইউ ললিতৰ অপৰাধিক আইনৰ বিশেষজ্ঞ বুলি সুনাম আছে । উল্লেখ্য যে জাষ্টিছ ললিত 2G গোচৰৰ চৰকাৰী অধিবক্তা আছিল ।
National Desk , Ne India News