ঈদত গৰু কুৰ্বানী নিদিবলৈ আহ্বান AIUDF প্ৰধান বদৰ উদ্দিন আজমলৰ
সমগ্ৰ দেশত ১০ জুলাই তাৰিখে ঈড-উল- অজহা অৰ্থাৎ বকৰি ঈদ পালন কৰিব মুছলমান সমাজে । সমগ্ৰ দেশত ইচলামধৰ্মী সকলে বৃহৎ পৰিমাণৰ জীৱ-জন্তু কুৰ্বানী দি এই বকৰী ঈদ পালন কৰে ।
ঈদ-উল-অজাহাৰ পুৰ্বে AIUDF ৰ প্ৰধান বদৰউদ্দিন আজমলে এক গুৰুত্বপুৰ্ণ আবেদন জনাইছে । AIUDF ৰ প্ৰধানগৰাকী মুছলমান সমাজৰ প্ৰতি আবেদন , বকৰী ঈদত গৰু কুৰ্বানীৰ পৰা বিৰত থাকক মুছলমান সমাজ ।
নেতাগৰাকীয়ে কয় , গৰু হিন্দু সকলে পুজা অৰ্চনা কৰে । সেয়ে গৰু কুৰ্বানীৰ পৰা মুছলমান সকল বিৰত থাকক ।

লগতে তেওঁ কয় , কোনো জন্তুৱে যেন কষ্ট অনুভৱ নকৰে । ইচলামত কোনো জন্তুকে কষ্ট অনুভৱ কৰোৱাৰ কথা কোৱা হোৱা নাই । গৰুক যিহেতু হিন্দু সকলে মাতৃ গণ্য কৰে , সেয়ে ইয়াক কুৰ্বানী দিব নেলাগে ।
অসম ৰাজ্যিক জমিয়ত উলামা হিন্দৰ সভাপতি পদত থকা AIUDF নেতা গৰাকী এক প্ৰেছ বিজ্ঞপ্তি দ্বাৰা এই আবেদন জনাইছে মুছলমান সমাজলৈ ।
News Desk , Ne India News