ইৰাণক আশ্বাস ভাৰতবৰ্ষৰ

0
1022
INTERNATIONAL DESK NE INDIA: খৱৰ অনুসৰি ইৰাণৰ ওপৰত আমেৰিকাই প্ৰদান কৰা বাধাৰ মাজত ভাৰত আৰু ইৰাণৰ সৈতে ডলাৰৰ সলনি ভাৰতীয় মূল্য আৰু ইৰাণৰ ৰিয়ালৰ ওপৰত দ্বিপাক্ষিক ব্যৱসায়ত চুক্তি হ’ব পাৰে দুই দেশৰ ।
খৱৰ অনুসৰি ইৰাণৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি ডলাৰৰ সলনি ভাৰতীয় মূল্য হিচাপত ধন পৰিশোধ কৰিব পাৰিব ভাৰতবৰ্ষই । তথ্য অনুসৰি পাৰমাণৱিক চুক্তিত মাৰ্কিন যুক্তৰাষ্ট্ৰক  বিৰোধ কৰিছে বৃটেইন, ফ্ৰান্স, চীন আৰু ৰাছিয়াই ।
উল্লেখযোগ্য যে ইৰাণৰ ওপৰত বিশ্বৰ কেইবাখনো দেশক আমেৰিকাই বাধা প্ৰদান কৰা অনুসৰি কোনো দেশে ইৰাণৰ পৰা খাৰুৱা তেল‌ ক্ৰয় কৰিব নোৱাৰিব ।
তথ্য অনুসৰি ভাৰত আৰু চীনসহ মুঠ আঠখন দেশক ইৰানৰ সৈতে খাৰুৱা তেলৰ ব্যৱসায় বন্ধ কৰাৰ বাবে ৬ মাহ সময় দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here