ইংলেণ্ডৰ বিৰুদ্ধে খেলিব লগীয়া অন্তিম দুখন টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা

0
206

ইংলেণ্ডৰ বিৰুদ্ধে খেলিব লগীয়া অন্তিম দুখন টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা

ইংলেণ্ডৰ বিৰুদ্ধে খেলিব লগীয়া অন্তিম দুখন টেষ্টৰ বাবে ১৭জনীয়া ভাৰতীয় দল ঘোষণা কৰিছে।আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থকা বেগী বলাৰ উমেশ যাদৱ দললৈ উভটি আহিছে।যাদৱে শ্বাৰদুল ঠাকুৰৰ স্থান গ্ৰহণ কৰিছে। শ্বাৰদুল ঠাকুৰে ২০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা বিজয় হাজাৰে ট্ৰফীত ভাগ ল’ব।মহম্মদ চিৰাজ আৰু নৱদীপ চাইনীয়ে তৃতীয় টেষ্টত অংশ লোৱাৰ সম্ভাৱনা আছে, কিন্তু এক সূত্ৰই প্ৰকাশ কৰা মতে তেওঁলোকৰ ফিটনেছৰ সমস্যা আছে।
দ্বিতীয় টেষ্টৰ পৰা বাদ পৰি থকা যশপ্ৰীত বুমৰাহ তৃতীয় টেষ্টত উভটি আহিব পাৰে।
বিশ্বৰ সব বৃহৎ আহমেদাবাদৰ মটেৰা ষ্টেডিয়ামত ২৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা দিবা-নৈশ তৃতীয় টেষ্টখনত গুলপীয়া বল ব্যৱহাৰ কৰা হ’ব।

 নিৰ্বাচক কমিটিয়ে ঘোষণা কৰা দলটো হল‌ বিৰাট কোহলী (অধিনায়ক), আজিংক্য ৰাহানে (সহঃ অধিনায়ক), ৰোহিত শৰ্মা, মায়ংক আগৰৱাল, শুভমন গীল, চেটেশ্বৰ পুজাৰা, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, ৰিষভ পণ্ট (উইকেটকীপাৰ), ৰিধিমান সাহা (উইকেট কীপাৰ), ৰবীচন্দ্ৰন অশ্বিন, কুলদীপ যাদৱ, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, ইশান্ত শৰ্মা, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ।
Sports Desk Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here