আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মধ্যস্থতাকাৰীৰ ৰূপত আমেৰিকা

0
131

আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মধ্যস্থতাকাৰীৰ ৰূপত আমেৰিকা

২৭ ছেপ্তেম্বৰৰ পৰা নাগৰ্নো-কাৰবাখ অঞ্চলকলৈ ভয়ংকৰ যুদ্ধত লিপ্ত হৈছিল আৰ্মেনিয়া আৰু আজাৰবাইজান তাৰ মাজতে মধ্যস্থতাকাৰীৰ ৰূপত থিয় দিছে আমেৰিকাই ।
দুয়ো দেশৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈছ আমেৰিকা।যুদ্ধ বিৰতিৰ বাবে ত্ৰিদেশীয় বৈঠকৰ আহ্বান কৰা হৈছে।ৱাশ্বিংটন ডি চি ত উপস্থিত হয় দুয়ো দেশৰ প্ৰতিনিধি।আনহাতে ৰাছিয়াৰ মধ্যস্থতাত দুবাৰকৈ যুদ্ধ বিৰতি ঘোষণা কৰাৰ পিছতো আজাৰবাইজান-আৰ্মেনিয়াৰ মাজত শান্তি স্থাপন হোৱা নাই ।
এতিয়ালৈকে এই যুদ্ধত ৫ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে । এই যুদ্ধ যাতে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে ৰাষ্ট্ৰসংঘকে ধৰি বিশ্বৰ বহু দেশে আহ্বান জনাই আহিছে।
যুদ্ধৰ পৰিসমাপ্তি ঘটোৱাৰ বাবে ছুইজাৰলেণ্ডে মধ্যস্থতা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল যদিও কোনো পক্ষই সেই প্ৰস্তাৱত সঁহাৰি দিয়া নাছিল।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here