আৰক্ষীৰ তৎপৰতা ঘুৰি আহিবনে ? ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ আহব্বানক গুৰুত্ব দিবনে ?

0
1080

 

 

আৰক্ষীৰ তৎপৰতা ঘুৰি আহিবনে ? ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ আহব্বানক গুৰুত্ব দিবনে ?
আৰক্ষীক কাৰ্যক্ষম কৰিবলৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেই প্ৰশাসনৰে এখনৰ পিচত এখনকৈ বৈঠকত ভাগ লৈছে । কিন্ত বাস্তৱ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ তৎপৰতা পৰিলক্ষিত হোৱা হোৱা নাই ।
নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ পৰা চুৰি ডকাইটিৰ ঘটনা নিত্য নৈমত্তিক ঘটিয়ে আছে ।
সোমবাৰে পুনৰ তেনে  ঘটনাৰ পুনৰাবৃত্তি হল । ঐতিহ্যমন্দিত ঠাকুৰ দয়ানন্দ ধামত চুৰি কাৰ্য সংঘটিত হল । পুৱা তিনি বজাত  আশ্ৰমৰ লোকে ঘটনাটো প্ৰত্যক্ষ কৰে ।  উপস্থিত স্থানীয় লোক সকলে লগে লগে চুৰাইবাড়ি আৰক্ষী থানাৰ ইনচাৰ্জ ৰুদ্ৰপালক ঘটনা সম্পৰ্কে অৱগত কৰায় । কিন্ত ৰুদ্ৰপালে স্থানীয় লোকক প্ৰথমে এজাহাৰ দাখিল কৰিবলৈ কৈ ঘটনাটোৰ পৰা মুৰপোলোকা মাৰিব বিচাৰে । কিন্ত স্থানীয় লোকে উগ্ৰমুৰ্তি ধৰাৰ উমান পাই প্ৰায় দুঘন্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ।
আৰক্ষীৰ অকৰ্মন্যতাৰ বাবে দুসাহসী হৈ উঠা চোৰে , দয়ানন্দ দেৱৰ মুৰ্তিৰ সোণৰ চেইন , শ্ৰীকৃষ্ণ মুৰ্তি সোণৰ বালা , তুলসীপাত সহ বহু সামগ্ৰী চোৰ কৰি উদাও হল । আৰক্ষীৰ নিৰ্লিপ্ততাৰ পুৰামাত্ৰেই সুযোগ ললে চোৰে । দানপাত্ৰৰ নগদ ধন উলিয়াই দানপাত্ৰ মাজপথত এৰি গল । সন্দেহজনক লোক কেইজন মানক নিশা মন্দিৰৰ আশে পাশে ঘুৰি থকা প্ৰত্যক্ষ কৰিছিল , মন্দিৰৰ কৰ্তৃপক্ষ তথা স্থানীয় লোকে । চুৰাইবাড়ি আৰক্ষী থানা ৰ ইনচাৰ্জ ৰুদ্ৰপাল আৰু এছ আই বুদ্দি মান চাকমাক সন্দেহজনক ব্যক্তি সন্ধৰ্ভত অৱগত কৰায় স্থানীয় লোকে । স্থানীয় ৰাইজে আৰক্ষীয়ে দ্ৰুত পদক্ষেপ লওক । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

https://youtu.be/awArW-y3UOw?t=7

(প্ৰণত কুমাৰ চান্দ , ত্ৰিপুৰা Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here