মঙ্গলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত অনুষ্ঠিত এক বৈঠকত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্টবল আদিকে ধৰি বিভিন্ন পদত হ’বলগীয়া নিযুক্তি সম্বন্ধে পৰ্যালোচনা কৰাৰ লগতে যুৱক-যুৱতীসকলক এক লাখ চাকৰি প্ৰদানৰ ৰাজ্য চৰকাৰৰ লক্ষ্যক ত্বৰান্বিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক এই প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।
উক্ত বৈঠকখনত হিমন্ত বিশ্ব শৰ্মাৰ লগতে মাননীয় আৰক্ষী সঞ্চালক প্ৰধান শ্ৰীভাস্কৰজ্যোতি মহন্ত, গৃহ বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু আৰক্ষী বিষয়াসকল উপস্থিত থাকে ।