Wednesday, March 29, 2023
HomeAssameseআহোম জাতিক অপমান ! আঙুৰলতা ডেকাৰ বিৰুদ্ধে আটাছুৰ এজাহাৰ,পুত্তলিকা দাহ

আহোম জাতিক অপমান ! আঙুৰলতা ডেকাৰ বিৰুদ্ধে আটাছুৰ এজাহাৰ,পুত্তলিকা দাহ

আহোম জাতিক অপমান ! আঙুৰলতা ডেকাৰ বিৰুদ্ধে আটাছুৰ এজাহাৰ,পুত্তলিকা দাহ

বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা এটা সমদলত আহোম জাতিৰ বিৰুদ্ধে অপমান সূচক শ্লোগাণ দিয়া বাতৰিকলৈ জাঙুৰ খাই উঠিছে সদৌ টাই আহোম ছাত্ৰ সন্থা। শনিবাৰে সংগঠনটোৱে বিজেপিৰ নেত্ৰী তথা প্ৰাক্তন বিধায়িকা গৰাকীৰ বিৰুদ্ধে চিলাপথাৰত দাখিল কৰিলে এক এজাহাৰ। ঘটনাটোক একেমুখে গৰিহণা দি আটাছুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱাই এই ভূলৰ বাবে তৎকালে অসম বাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনায়। একেটা দিনাই অৰ্থাৎ শনিবাৰে সন্ধিয়া চিলাপথাৰ নগৰৰ মাজমজিয়াত সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। বিজেপি নেত্ৰী গৰাকীৰ পুত্তলিকা দাহ কৰে সংগঠনটোৱে।
প্ৰতিবাদকাৰী সকলে বিজেপি মুৰ্দাবাদ , হিমন্ত বিশ্ব শৰ্মা হায় হায় ,আঙুৰলতা ডেকা মুৰ্দাবাদ আদি শ্লোগানৰে কপাই তুলে চিলাপথাৰৰ নগৰৰ ৰাজপথ।
শীঘ্ৰেই আঙুৰলতা ডেকাৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্হা গ্ৰহণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ ।

 বিপুল সোণোৱাল, চিলাপথাৰ, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments