আসন্ন লোকসভা নিৰ্বাচনক লৈ মহিলা মৰ্চাৰ তৎপৰতা

0
752
আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি  বৰখলা বিধানসভাৰ সোনাপুৰত বৰখলা মণ্ডল মহিলা মর্চাৰ এক বিশেষ সভা বুধবাৰে অনুষ্ঠিত হয়।
সভা পৰিচালনা কৰে মণ্ডল সভানেত্রী সবিতা দাস আৰু বিশেষ ভাবে বক্তব্য ৰাখে জিলা মহিলা মর্চাৰ সাধাৰণ সম্পাদিকা প্রভা চাটার্জিয়ে । আসন্ন লোকসভা নির্বাচনত শিলচৰ লোকসভা আসনত বিজেপি প্রার্থীয়ে ৰেকর্ড সংখ্যক ভোটত জয়ী হব বুলি আশা প্রকাশ কৰে তথা তাৰ বাবে মাতৃ শক্তি আৰু বেচিকৈ কাম কৰিব লাগিব বুলি অঙ্গীকাৰবদ্ধ হয়।
প্রদীপ্ত পুৰকায়স্থ, চাউথ অসম ব্যুৰো, Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here